শাস্তিকতা ৰাধিকা আৰু তেলীয়া-পত্নী 98 এগৰাকী-দুগৰাকী তিৰোতাই শাস্তি বুলি আগবাঢ়িছিল তেওঁলোক প্ৰমাণত উঠিব নোৱাৰি উভতি গল। তাৰ পাচত পূৰ্ণানন্দৰ ভাৰ্য্যা ৰাধিকাক মহাপুৰুষৰ মানুহে কোনো প্ৰৱন্ধে বিচাৰি পাই তেওঁক শাস্তি বুলি মহাপুৰুষৰ আগলৈ লৈ গল। গুৰুৰ আদেশমতে ৰাধিকাই শুচি-সংযমী হৈ এতে-উপবাসে থাকি পিচদিনা স্বামী সহিতে জানবন্ধ৷ ৰাইজৰ ওচৰলৈ গল। শঙ্কৰ গুৰুৱে কলে,— “ৰাধিকা, তুমি যদি সত্যে শান্তিকন্যা হোৱা তেন্তে তুমি তোমাৰ সতীত্বৰ প্ৰমাণ দিব লাগিব। তুমি এটা পলত ভৰাই ব্ৰহ্মপুত্ৰৰ পানী আনিব লাগিব। যদিহে তুমি সতী তেন্তে তুমি সহস্ৰ বিন্ধা থকা পল'তো পানী ভৰাই আনিব পাৰিবা, তেতিয়া তোমাক সতী-শাস্তি বুলি জগতে জানিব।” ৰাধিকাই স্বামীগুৰুৰ চৰণ চিত্তি পানীলৈ নামি পল’ত পানী ভৰাই বামলৈ উঠি ৰাইজৰ আগত ওলালহি। সকলোৱে এই অলৌকিক কাণ্ড দেখি হৰিধ্বনি কৰিবলৈ ধৰিলে, কিন্তু পল'ত চাৰি-আঙ্গুলমান পানী কমি আহিল। গুৰুৱে ৰাধিকাক সুধিলে, — 'তুমি কেতিয়াবা এফেৰি দোষ কৰিছা, সেইহে পানী কমি আহিল। কি কৰিছিল৷ ৰাইজৰ আগত ভাঙ্গি কোৱা।” তাহানি এবাৰ ৰাধিকাৰ মুখৰ পৰা অতৰ্কিতে ওৰণিখন গুচাত ভনী-জোঁৱায়েকৰ চকুৱে চকুৱে পৰিছিল। ৰাধিকাই এই অতীত ঘটনাকে পাপ বুলি স্বীকাৰ কৰি ৰাইজৰ আগত আঠু লৈ সাৱশেষ বৃত্তান্ত ভাঙ্গি কলে।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৮৫
অৱয়ব