সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শান্তিকন্যা ৰাধিক৷ আৰু তেলীয়া-পত্নী আগৰ দিনৰ অসমীয়া তিৰোতাই যেনেকৈ বীৰ-বিক্ৰমে যুদ্ধ কৰিব পাৰিছিল, তেনেকৈ তেওঁলোক পতিতাধৰ্ম্ম পালনতো অদ্বিতীয়া আছিল। অলৌকিক শক্তি-সম্পন্না দুগৰাকী শান্তিকন্যাৰ কথা অসমৰ প্ৰাচীন কাহিনীত পোৱা যায়। প্ৰথম গৰাকী হৈছে পূৰ্ণানন্দৰ ভাৰ্য্যা সতী ৰাধিকা, আৰু দ্বিতীয় গৰাকী হৈছে এজন৷ তেলীয়াৰ পত্নী। টেলুৱাৰী জানেদি ব্ৰহ্মপুত্ৰৰ পানী সোমাই বৰদোৱা অঞ্চলৰ অনেক ঠাই ডুব নিয়াইছিল। জানটো গাৱঁৰ বাহিৰে ভেটা দি আন এফালে খাল খানি পানী বোৱাই বানপানী সোমাবৰ বাট মাৰিবৰ কাৰণে ভূঞাসকলে চেষ্টা কৰিবলৈ ধৰিলে। ইয়াৰ প্ৰধান কাৰ্য্যকাৰক আছিল শিবে৷- মণি ভূঞা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ গুৰু নিজেই। ভূঞাৰ আদেশত চামধৰাৰ পৰা কপিলীলৈকে, অৰ্থাৎ কলিয়াবৰৰ পৰা ৰহালৈ, সকলো মানুহে জান ভেঁটা দিয়া কামত লাগি গল্প, কিন্তু কোনোপধ্যে মাটি নৰল। এনে সময়ত মহাপুৰুষে নিশ্চয় কৰিলে যে এগৰাকী শান্তিকন্যাৰ হতুৱাই ভেটাত মাটি পেলাব পাৰিলে জানবন্ধা কাম সুসাধ্য হব। ভূঞাৰ মানুহে শাস্তিকন্যা বিচাৰি গাওঁ চলাথ কৰিলে, কিন্তু ক'তো প্ৰকৃত শান্তিকন্যা বিচাৰি পোৱা নগল। যি