ফুলা গাতক १७ মনত বেজাৰ পাই গড়গঞা ৰজাদেৱে অস্ত্ৰ-শস্ত্ৰ মানুহেৰে সাৱধান হৈ দিহিঙ্গৰ পৰা গৈ লেচাঙ্গত নগৰ কৰি থাকিল। গড়গঞা ৰজা এইদৰে স্বতন্ত্ৰ হোৱা দেখি স্বৰ্গদেৱে দিহিঙ্গৰ পৰ৷ লেচাঙ্গলৈ খেদি আহিল। গড়গঞা ৰজাই ভাবিলে, বোলে,—“কন্দলৰ ভয়ে মই আঁতৰি আহিছোঁ, তথাপি মোক খেদি আহে! মই কন্দল নকৰোঁ।” এই বুলি গড়গঞা ৰজাই ঘৈণীয়েকহঁতক অস্ত্ৰ-শস্ত্ৰ দি শহুৰেক স্বৰ্গদেৱৰ সম্মুখলৈ পঠালে; বোৱাৰীয়েকহঁতৰ লগত যুদ্ধ কৰা অকাৰ্য্য হৰ বুলি জানি স্বৰ্গদেৱে উলটি দিহিঙ্গলৈ গল। খেনোৰ মতে গড়গঞা ৰজাই ভাই-পো ভতিজাসকলক অস্ত্ৰ-শস্ত্ৰ দি পিতৃ-ৰজাৰ সম্মুখে পঠিয়াইছিল। ৰজাই আত্মীয়জনৰ বিৰুদ্ধে অস্ত্ৰ লোৱা ভাল নহয় বুলি ৰণ এৰি দিহিঙ্গলৈ গুচি গল। এইদৰে বাপেক-পুতেকৰ কন্দল বাঢ়ি অহাত গড়গঞা ৰজাই ৰাতমাল নামে কছাৰী লেহেতীয়া এটাক স্ত্ৰীবেশ পিন্ধাই চাঙ্গলৈ পঠিয়াই দুপৰনিশা বাপেকক ছুৰীৰে খুচি মৰালে। বাপেকক মাৰি গড়গঞা ৰজাই সিংহাসনত বহি নাম ললে চুক্লেনং, এওঁ গড়গঞা ৰজা নামেহে প্ৰখ্যাত হল 1 ৰজা হৈ ৰাতমাল লেহেতীয়াক কলে, বোলে, “তোক মই এনেয়েছে কৈছিলোঁ, তই পিতৃবন্ধ হেন ইমান ডাঙ্গৰটো কথা কিয় কৰিলি?” এই বুলি লেহেতীয়াক বিশ্বাস নাই হেন ভাবি ৰাজ্যৰ সকলো লেহেতীয়াক চপাই আনি গড়গঞা ৰজাৰ আজ্ঞাৰে বধ কৰা হল। জুলাই, ১৯৫০ চন। -
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৮৩
অৱয়ব