সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

24 চেতিয়াই এহাজাৰ সৈন্য লগত লৈ গৌড়েশ্বৰৰ ঠাইলৈ গৈ বাদবাহক সুধিলে বোলে, – “বাদশাহে যুদ্ধকে কৰেনে, কন্যা দি সোমাৰেশ্বৰ স্বৰ্গদেৱৰে সৈতে মিত্ৰতা স্থাপন কৰে?” অসমৰ বিক্ৰম-পয়োভৰৰ কথা শুনি গৌড় বাদাতে ভাবিলে, বোলে,—“প্ৰথমে প্ৰীতিগোটহে শ্ৰেয়। কন্যা হলে য'তে- ভতে দিবহে লাগে। বিশেষতঃ, সৌমাৰেশ্বৰ মহাৰাজাক যদি মই জোঁৱাই পাওঁ তাতোকৈ ডাঙ্গৰ কথা কি হব পাৰে?” এই বুলি ছাৰমতী খানবিবি আৰু দামতী ধানবিবি এই দুই কন্যাক স্বৰ্গদেৱলৈ উপহাৰ দি অসমৰে সৈতে মিত্ৰ হল। কন্যাৰ লগতে যৌতুক দিলে দাস-দাসী বস্তু-সস্তাৰ হাতী-ঘোৰা অনেক; আৰু কামৰূপ ৰাজ্যৰে সৈতে এই পাঁচখন পৰগণাও লগতে দিলে,—খোৰাঘাট, ফৰিয়াবাদ, এষাৰেসেন্দুৰ, পখুৰীয়া আৰু পাতিলজহা। সেই সময়ত কমতেশ্বৰেও স্বৰ্গদেৱলৈ দিলে এক কন্যা। স্বৰ্গদেৱৰ মানুহে গৌড়ৰাজ্যৰ মাজেদি গৈ উৰিষ্যা সোমাই তাৰ ৰজা পুৰুষোত্তম গজপতিৰ পুত্ৰ বিক্ৰমসেনৰ ওচৰ পালেগৈ। চনখাম এব- সন্দিকৈয়ে বিক্ৰমসেন ৰজাৰ সহায়েৰে জগন্নাথৰ ঠাকুৰ দৰ্শন কৰি স্বৰ্গদেৱৰ হৈ দ্বাৰভাঙ্গাত সামান্য পুখুৰী এটা খানি ইটাৰ পাৰ বান্ধি উচৰ্গা কৰিলে। কমতা ৰাজ্যত তেতিয়া পুনৰ বিপ্লৱ উপস্থিত। আগৰজনা কষতেশ্বৰৰ মৃত্যু হোৱাত তেওঁৰ পুতেক দুৰ্ল্ল ভেদ্ৰ ৰজা হল : তেওঁক মাৰি কিছুৱা ৰজা হল; দুৰ্ল্লভেন্দ্ৰৰ পুত্ৰ চাৰুচান্দ