আছিল, সেইদেখি তেওঁ কবচ কাপোৰ ৰৈ দিব নোৱাৰিলে। কবচ কাপোৰ নোহোৱা দেখি গাভৰুৱে গোহাঁইক তুতি - মিনতি কৰি কলে, – “বঙ্গহৰ দেও, এতিয়া ৰণলৈ যাব নালাগে, দিনদিয়েক বাট চাওক, মই কাপোৰ বৈ ৰণলৈ যোৱাৰ পৰত আপোনাক দিব পাৰিম।” ইপিনে যুদ্ধ-যাত্ৰাৰ কাৰণে সৈন্য- সেনাপতি ঘোৰা-হাতী নাও-নাওৰা সকলো তৈয়াৰ, গতিকে গোহাঁইদেৱে গাভৰুৰ বাধা মানিব নোৱাৰিলে, তেওঁ কবচ কাপোৰ নোহোৱাকৈয়ে ৰণলৈ ওলাল। বাটত যাওঁতে হাতীৰ ওপৰতে গোহাঁইদেৱে কুকুৰা-ঠেঙ্গৰে মঙ্গল চোৱালে, তাতো ভাল নাপালে। সেইদৰে বিনকবচে যুদ্ধ কৰি কপিলী- গঙ্গাৰ ৰণত তুৰ্ব্বকৰ সৈন্যৰ হাতত আহোমৰ বৰসেনাপতি ফাচেনমুং বৰগোহাঁই নিহত হল।
স্বামীৰ মৃত্যুবাৰ্ত্তা শুনি মূলা গাভৰু বিতত হল। তেওঁ বহু খেদ কৰি ভাবিবলৈ ধৰিলে বোলে,—“মই সময়মতে কবচ কাপোৰ বৈ দিব নোৱাৰাতহে মোৰ বঙ্গহৰদেওৰ এনে দশা হল। যি ৰণত গোহাঁইদেৱে প্ৰাণ এৰিলে ময়ো সেই ৰণলৈ গৈ প্ৰাণৰ মায়া এৰি যুঁজ কৰিম। হয়তো ৰণ জিনি তুৰ্ব্বকৰ সৈন্যক অসমৰ চাৰিধাপত সোমাব নোৱাৰাকৈ খেদি পঠিয়াম, নাইবা ময়ো ৰণত পৰি স্বামী যোৱা পথেদি স্বৰ্গলৈ যাম।” এই বুলি গাভৰুৱে ৰণলৈ যাবলৈ থিৰ কৰিলে। গাভৰুৰ লগত ডা-ডাঙ্গৰীয়াৰ ঘৈণী পাঁচগৰাকী ওলাল, তেওঁ- লোকে এখন এখন কেঁকোৰাদোলাত উঠি গল। ইয়াৰ