মূলা গাভৰু
কপিলী-গঙ্গাৰ যুদ্ধত প্ৰাণ-হেৰুৱা ফাচেনফুং বৰগোহাঁয়েই হৈছে বীৰাঙ্গনা মূলা গাভৰুৰ স্বামী। গোহাঁইৰ মৃত্যু-বাৰ্ত্তা শুনি গাভৰু মৰণান্তিক হল। তেওঁ সন্তাপ কৰিবলৈ ধৰিলে যে তেওঁৰ ক্ৰুটিতহে গোহাঁয়ে যুদ্ধক্ষেত্ৰত প্ৰাণ এৰিব লগাত পৰিল।
আগৰ দিনত অসমীয়া যুঁজাৰুৱে কবচ কাপোৰ গাত পিন্ধি ৰণলৈ যোৱাৰ প্ৰথা আছিল। এই বস্ত্ৰ শৰীৰত থাকিলে পিন্ধোতাজনক দা-যাঠি গুলি-কাঁড় এইবোৰৰ আঘাতে একো কৰিব নোৱাৰে। কবচ কাপোৰৰ বৰ্ণনা এখন বুৰঞ্জীত এইদৰে আছে, – “মা-নিশা ৰাতি কপাহ নেওঠি পাজি কাটি ৰাতি নৌপুৱাওঁতেই বৈ উলিয়াব লাগে, তাকে আহোম মতে মন্ত্ৰেৰে লব, তাকে শাস্ত্ৰত কবচ কাপোৰ বোলে।” আন এখনত আছে, – “কাপোৰৰ লক্ষণ শুনা, মা-নিশা ৰাতি কপাহ নেওঠিব, পাঁজি কৰিব, সূতাও কাটিব কাপোৰো বব, ৰাতি নৌপুৱাওঁতেই কাপোৰো ওলাব, সেই কাপোৰ আহোম শাস্ত্ৰনিয়মে ৰণলৈ ভাল।”
ফাচেনমুং বৰগোহাঁয়ে যুদ্ধলৈ যাবৰ সময়ত ভাৰ্য্যা ৰজা-জী মূলা গাভৰুক ওপৰত কোৱা কবচ কাপোৰ খুজিলে। তেতিয়া গাভৰুৰ দিন সামান্য আছিল, অৰ্থাৎ তেওঁ বিধুতি