যাবৰ মন নকৰে, লোকজনো নৰিয়া পৰিল, খাবৰো কষ্ট হল।
শত্ৰুৰ মাজ, কেতিয়া কি হয় ঠিক নাই, পৰচিত্ত অন্ধকাৰ।”
ধনশিৰী বাহৰৰ পৰা স্বৰ্গদেৱক কেনেকৈ গড়গাৱঁলৈ
ওভোতাই নিব পাৰি তেওঁলোকে তাকে আলচি উদ্ধাৰৰ
কাৰ্য্য-প্ৰণালী নিৰ্দ্ধাৰিত কৰিলে। সেইমতে কনচেং
বৰপাত্ৰই বলিয়া ভাও ধৰি স্বৰ্গদেৱৰ বাহৰত জুই লগালে।
বাহৰত জুই লগাত উখা-মুখা লাগিলত স্বৰ্গদেৱে দোলাত
উঠি ওলাই আহিল। দুলীয়াকে৷ আগৰে পৰা টিপ দি
থোৱা হৈছিল। সিহঁতে দোলাৰে নি স্বৰ্গদেৱক নাৱত
তুলি ধনশিৰীৰ সিপাৰ কৰিলে। পাৰ হৈ সকলো পাত্ৰ-
মন্ত্ৰীয়ে স্বৰ্গদেৱক আচল উদ্দেশ্য বুজাই ক্ষমা ভিক্ষা কৰিলে।
তাৰ পাচত তুৰপাক বৰচেটিয়াক কছাৰীৰে সৈতে লেনদেন
কৰিবলৈ মৰঙ্গিত থৈ স্বৰ্গদেৱ গড়গাৱঁলৈ উভতি আহিল,
আৰু গড়মাকে৷ চাঙ্গলৈ তুলি কুঁৱৰী পাতিলে।
ইয়াৰ পাচত বীতমাণিক নবাব আৰু খুনখাং সেনাপতিয়ে গড়মাৰ কাৰণে মৰঙ্গিত থকা অসমীয়া গড়ত যুদ্ধ কৰিলে, আৰু অসমৰ সৈন্যৰ হাতত পৰাস্ত হৈ গৌড়েশ্বৰৰ ঠাইলৈ উভতি গল। তুৰ্ব্বকৰ সৈন্য অসমত থকা অৱস্থাত গৌড়ৰ পৰা কেবাজনো সেনাপতিয়ে অসম আক্ৰমণ কৰিছিল। প্ৰথমে আহিছিল বৰ-উজীৰ নামে এজন সেনাপতি, তেওঁৰ লগত আছিল এহেজাৰ অশ্বাৰোহী, বীতমাণিক নবাবো আহিছিল বৰ-উজীৰৰ লগত। কনচেং বৰপাত্ৰ আৰু থাও