সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
গড়মা কুঁৱৰী


পুথিৰ পাঠকক খুজিলে। ইতিমধ্যে, সুশুদ্ধিৰ নিৰ্দ্দেশমতে পুৰোহিত নীলাম্বৰে পুথিখনি পেৰাত ভৰাই পুখুৰীত নি থৈছিল। কমতেশ্বৰ ৰজাই ব্ৰাহ্মণকো নপঠিয়ালে, পুঠিও দিব নোৱাৰিলে। ইয়াৰ ফলত দুয়ো নৃপতিৰ ভিতৰত মনোবাদ বাঢ়িবলৈ ধৰিলে। কিছুদিন ধৰি কটকী চলাচল হল, কিন্তু দুই ৰজাৰ মিল নখটিল। নিজৰ জীয়েকক অনাদৰ কৰি বন্দিনী কৰি থোৱাৰ নিমিত্তে গৌড়েশ্বৰে লোকজন দি তোলনীয়া-পো তুৰ্ব্বকক ক্ষমতাৰ বিৰুদ্ধে পঠিয়ালে, বোলে, — “ভনীয়েৰ গড়মাকো ধৰি আনগৈ, আৰু কমতেশ্বৰকো ধৰি আনগৈ।” তুৰ্ব্বকে সৈন্য-সামন্ত লৈ খেদি অহাত কমতেশ্বৰে গৈ স্বৰ্গনাৰায়ণ দিহিঙ্গীয়া ৰজাৰ শৰণাপন্ন হল। কমতাত থাকিল ৰাজমহিষী সুলোচনা আৰু দুৰ্ল্লভেন্দ্ৰ কোঁৱৰ।

 গড়মায়ো পিতৃৰ মুখ নেচাওঁ বুলি ডেৰচুংফা কছাৰী ৰজালৈ ভিতৰি কথা দিলে, বোলে,— “মই তেওঁকে স্বামী বৰিছোঁ, এই সময়তে মোক নিয়কহি।” কছাৰী ৰজাই দোলা মানুহ পঠিয়াই গড়মাক নিজৰ লগলৈ নিলে। ডেৰচুংফা ৰজাও গড়মাৰ ৰূপত মুগ্ধ হৈ বৰ আনন্দেৰে তেওঁক মুখ্য-পটেশ্বৰী পাতিলে। তেতিয়াৰে পৰা সুশুদ্ধি‍ৰ নাম গৌড়-মা বা গড়মা বুলি প্ৰসিদ্ধ হল।

 তুৰ্ব্বকে সৈন্য-সামন্ত লৈ আহি কমতেশ্বৰ ৰজাক নাপাই, গড়মাও কছাৰীলৈ গল হেন জানি বৰ দুখ কৰিলে। উত্তৰে দিকৰাই আৰু দক্ষিণে ডিমৰুৱাৰ খেৰণিচকি পৰ্য্যন্ত তেওঁৰ