সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
বুৰঞ্জীৰ বাণী


মাজনিশা ৰাতি চন্দ্ৰশেখৰক সঙ্গোপনে কাৰেঙ্গৰ ভিতৰলৈ আনিলে, আৰু ব্ৰাহ্মণৰ সৈতে ৰং-আনন্দ কৰি চাৰিদণ্ড নিশা থাকোঁতে তেওঁক বিদায় দি পঠিয়ালে। এইৰূপে কিছুদিন অহা-যোৱা কৰাত কমতেশ্বৰে সম্ভেদ পাই মানুহ লগাই খোকা পাতি কাৰেঙ্গৰ পৰা ওলাই অহা অৱস্থাত চন্দ্ৰশেখৰক ধৰিলে। ৰজাই গড়ৰ বাহিৰে এটা পঁজা সাজি লগত এজনী মাত্ৰ বেটী দি সুশুদ্ধিক থাকিবলৈ দিলে, আৰু দুদিনৰ অন্তৰত একঠা চাউল, এতোলা লোণ আৰু এতোলা তেল মাত্ৰ দিয়াৰ ব্যৱস্থা কৰি দিলে। চন্দ্ৰশেখৰকো ৰজাই লোৱা লগাই থলে। কিছুদিনৰ পাচত কমতা গোসাঁনীৰ মন্দিৰৰ পূবত থকা পাষাণ- ভৈৰবক সেৱা নকৰি বিয়া কৰিবলৈ যোৱাত চন্দ্ৰভাল বলিয়া হল। কমতেশ্বৰে কলে, -“পুৰোহিতৰ বেটাও নষ্ট গৈল, আমাৰো ভাৰ্য্যা কলঙ্কিনী হৈ ৰহিল, চন্দ্ৰভালো বাতুল হৈ মৰিব খুজিলে, আন ব্ৰাহ্মণো আমাৰ দেশত নাই।”

 সুশুদ্ধিয়ে মালতী দাসীৰ হতুৱাই দিহা-পৰামৰ্শ দি নাথক পঠিয়াই বাপেক গৌড়েশ্বৰলৈ বাৰ্ত্তা দিলে, বোলে,— “অপূৰ্ব্ব হৰগৌৰী-সম্বাদ পুথি ৰহস্য থানত শুনিছিলোঁ কাৰণে পুৰোহিতৰ বেটাৰো মিছা কলঙ্ক-দুখ, আৰু ই পুস্তক আনৰ ঠাইত থাকিবৰ যোগ্য নহয়, গৌড়েশ্বৰৰ ঠাইতহে থাকিবৰ যোগ্য, এইৰূপে কোৱাতহে মোৰো অতমান দুখ।” জীয়েকৰ বাৰ্ত্তা শুনি গৌড়েশ্বৰে জুমল-খাঁ থানাদাৰক কমতেশ্বৰ ৰজাৰ ঠাইলৈ পঠিয়াই হৰগৌৰী-সম্বাদ পুথি আৰু