সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
গড়মা কুঁৱৰী

কমতেশ্বৰ ৰজা, আৰু গৌড়-অধিপতিক গৌড়েশ্বৰ বাদশ্যাহ বুলি বুৰঞ্জীত উল্লেখ কৰা হৈছে। মুছলমান নৃপতিৰ কন্যাক হিন্দুৰজা কমতেশ্বৰে বিয়া কৰি প্ৰায়শ্চিত্তৰ দ্বাৰা শুদ্ধ কৰি লৈছিল, সেইদেখিয়েই বোধ কৰোঁ স্বামীৰ ঘৰত তেওঁৰ নাম -থোৱা হৈছিল সুশুদ্ধি কুঁৱৰী। গৌড়ৰ পৰা অহা দেখি পাচলৈ তেওঁক মানুহে গৌড়-মা বা গড়মা বুলিহে জানিছিল।

 সুন্দৰী কন্যা দেখি কমতেশ্বৰ ৰজাই সুশুদ্ধিক মুখ্য-পটেশ্বৰী পাতিলে। আনগৰাকী প্ৰধানা কুঁৱৰী আছিল সুলোচনা। ৰজাৰ আঠজনা চমুৱা কুঁৱৰীও আছিল। সুশুদ্ধি কুঁৱৰীৰ দুজনী দাসীৰ নাম পোৱা যায়, বিশ্বদাসী আৰু মালতী। সুলোচনাৰ এটি পুত্ৰ আছিল, নাম দুৰ্ল্লভেন্দ্ৰ।

 কমতেশ্বৰ ৰজাৰ পুৰোহিত নীলাম্বৰ ব্ৰাহ্মণৰ তিনিজন পুতেক আছিল,—চন্দ্ৰভাল, চন্দ্ৰশেখৰ আৰু দীননাথ। এই তিনিজনে কাৰেঙ্গৰ ভিতৰত ৰজা আৰু দুগৰাকী পটেশ্বৰীৰ আগত “হৰগৌৰী-সম্বাদ” পুথি পাঠ কৰিছিল। ইয়াৰ ভিতৰত চন্দ্ৰশেখৰৰ পুথি-পাঠ অতি হৃদয়গ্ৰাহী আছিল। ৰজাই সন্তুষ্ট হৈ চন্দ্ৰশেখৰক বঁটা-বাহন দিছিল, আৰু সুশুদ্ধি আৰু সুলোচনায়ো তেওঁক খুৱাই-বুৱাই বস্ত্ৰ-আভৰণ পিন্ধাই পঠাইছিল। এনেকৈ অহা-যোৱা কৰি থাকোঁতে এদিন সুশুদ্ধি আৰু চন্দ্ৰশেখৰৰ চকুৰে দৰশন হল। পণ্ডিতৰ ৰূপ-লাৱণ্যত কমতেশ্বৰৰ মুখ্য পটেশ্বৰী মোহিত হৈ ইঙ্গিতেৰে চন্দ্ৰশেখৰক মনৰ কথা বুজাই সুশুদ্ধি কুঁৱৰীয়ে বিশ্বদাসীক পঠিয়াই