সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
বুৰঞ্জীৰ বাণী

ত্যাগ কৰে। অৱশেষত অসমীয়া সেনাপতিৰ হাতত তুৰ্ব্বক নিহত হয়, আৰু তেওঁৰ সৈন্য বিভঙ্গে পলায়। অসমীয়াৰ ৰণজয়ৰ বাৰ্ত্তা শুনি কমতা, কোচবেহাৰ আৰু গৌড়ৰ অধিপতি- সকল স্বৰ্গনাৰায়ণ ৰজাৰ অপৰাজেয় শক্তিৰ মাহাত্ম্যক স্বীকাৰ কৰিবলৈ বাধ্য হয়।

 তুৰ্ব্বকে অসমলৈ আহিবলৈ পালে কেনেকৈ, তেওঁৰে সৈতে হোৱা ৰণত বা অসমীয়াই কিদৰে যুঁজ কৰিছিল, যুদ্ধৰ পৰিণাম বা কি হল, এইবোৰ বিষয়ে আমাৰ জানিবলৈ ইচ্ছা হয়।

 তুৰ্ব্বকৰ অসম আক্ৰমণৰ সূত্ৰপাত হল এগৰাকী ৰাজকন্যা পাটমাদৈৰ পৰা, আৰু সেই আক্ৰমণৰ পৰা অসমীয়াই মুক্তি পালে, কবলৈ গলে, আৰু এগৰাকী ৰাজকন্যা ডাঙ্গৰীয়ানীৰ পৰা। প্ৰথম গৰাকীৰ কাহিনীত নষ্টচৰিত্ৰ তিৰোতাৰ কাৰ্য্যকলাপৰ আভাস পোৱা যায়; আৰু ইগৰাকীৰ পতিস্নেহ আৰু ৰণ-বিক্ৰমৰ আদৰ্শই আজিলৈকে অসমৰ নাৰীক অনুপ্ৰেৰণা যোগাই আহিছে। প্ৰথম গৰাকীৰ নাম সুশুদ্ধি গড়মা কুঁৱৰী; আৰু দ্বিতীয় গৰাকীৰ নাম হৈছে মূলা গাভৰু, এওঁ নামচেংখাম আৰু নাখামচেন গাভৰু নামেও প্ৰখ্যাত আছিল।

 সুশুদ্ধি আছিল সেই কালৰ কমতা ৰজাৰ পটেশ্বৰী, আৰু তেওঁৰ পিতৃ আছিল গৌড়দেশৰ বাদশ্যাহ। এই দুইজন নৃপতিৰ নাম অসম বুৰঞ্জীত পাবলৈ নাই। কমতা-অধিপতিক