সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
বুৰঞ্জীৰ বাণী

কৰিলে সঁচা, কিন্তু তেওঁৰ বাপেক সুস্থিতবৰ্ম্মাক মহাসেনগুপ্তই কলহে-কলহে পানী খুৱাইছিল, এতিয়া সেই অপমানৰ চেকা কামৰূপ ৰাজপৰিয়ালৰ গাৰ পৰা মচিব পৰা নাই।

 সুস্থিতবৰ্ম্মা মহাসেনগুপ্তৰ দ্বাৰা পৰাজিত হোৱাৰ পৰিণাম- স্বৰূপে কামৰূপ মগধৰ তললৈ অহাৰ কোনো প্ৰমাণ নাই। পৰাজিত হলেও সেই কালৰ প্ৰথামতে বিজিত ৰাজ্যত আগৰ ৰজাজনেই প্ৰায় শাসন কৰিছিল, মাথোন বিজেতা ৰজাৰ উৎসৱ আদিত বিজিত ৰজাই উপস্থিত হৈ শোভাবৰ্দ্ধন কৰাৰ নিয়ম আছিল। মহাসেনগুপ্তৰ দুই পুতেক মাধবগুপ্ত আৰু কুমাৰগুপ্ত আছিল সম্ৰাট হৰ্ষবৰ্দ্ধনৰ কোঁৱৰালি কালৰ অন্তৰঙ্গ বন্ধু। সেইদেখি ভাস্কৰবৰ্ম্মাৰ স্বাভাৱিকতে শঙ্কা হল যে হৰ্ষবৰ্দ্ধনৰ সহায় লৈ মগধৰাজে পুনৰ কামৰূপৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিব পাৰে। ইয়াকে জানি দূৰদৰ্শী ভাস্কৰবৰ্ম্মাই পৰাক্ৰমী হৰ্ষবৰ্দ্ধনৰ ঠাইলৈ কটকী পঠিয়াই সম্ৰাটৰে সৈতে মিত্ৰতা স্থাপন কৰি মগধৰাজৰ দ্বাৰা কামৰূপ আক্ৰমণৰ বাট মাৰি থৈছিল।

 সুস্থিতবৰ্ম্মাৰ আন এটা নাম আছিল মৃগাঙ্ক। হৰ্ষচৰিত আৰু নিধানপুৰ ফলিত এই দুই নামৰ উল্লেখ আছে। গৌড়ীয় কবি সুক্ষ্মশিৱই সুস্থিতবৰ্ম্মাৰ এই দ্বিতীয় নামটো নিশ্চয় জানিছিল। আফ্ছদ ফলিৰ প্ৰশস্তিত থকা “সুস্থিতবৰ্ম্মা-- যুদ্ধ-বিজয়-শ্লাঘা-পদাঙ্কম্” এই বচন ফাকিত ‘মৃগাঙ্ক' শব্দটোৰ ওপৰত শ্লেষ আছে বুলি অনুমান কৰিব পাৰি, বিশেষতঃ