আফ্ছদ ফলিৰ এই সুস্থিতবৰ্ম্মাৰ বিষয়ে নানা মুনিৰ মানা মত। খেনোৰ মতে এই সুস্থিতবৰ্ম্মা কামৰূপ নৃপতি ভাস্কৰবৰ্ম্মাৰ পিতৃদেৱ। আনসকলৰ মতে আফ্ছদ ফলিৰ সুস্থিতবৰ্ম্মা এজন মৌখৰী ৰজা। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ বুৰঞ্জীৰ অধ্যাপক ডাঃ কৃষ্ণস্বামী আয়েঙ্গাৰে এই মত সমৰ্থন কৰিলেও এইটো স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে মৌখৰী ৰজাসকলৰ মুদ্ৰা বা অন্যান্য সূত্ৰত সুস্থিতবৰ্ম্মাৰ নাম ক’তো পাবলৈ নাই। যিসকলে সুস্থিতবৰ্ম্মাক মৌখৰী ৰজা বুলি ধৰিবলৈ ইচ্ছা কৰে তেওঁলোকৰ নাম, – ডাঃ জন ফেইড্ফুল ফ্লীট, কাৱেল আৰু টমাছ, ডাক্তৰ কৃষ্ণস্বামী আয়েঙ্গাৰ আৰু ডাঃ ৰাধাকুমুদ মুখাৰ্জ্জী। ইয়াৰ ভিতৰত ফ্লীট, কাৱেল আৰু টমাছে নিধানপুৰৰ ফলি আৰু নলন্দ মোহৰত সুস্থিতবৰ্ম্মাৰ নাম পোৱাৰ আগেয়ে তেওঁলোকৰ মত দিছিল, আৰু ফ্লীটে মত দিওঁতে “সম্ভবতঃ” এই শব্দটো ব্যৱহাৰ কৰিছিল।
কিন্তু আমাৰ মতে, দ-কৈ ভাবি চাবলৈ গলে আফ্ছদ ফলিৰ এই সুস্থিতবৰ্ম্মাক কামৰূপেশ্বৰ ভাস্কৰবৰ্ম্মাৰ পিতৃদেৱ সুস্থিতবৰ্ম্মা বা মৃগাঙ্ক ৰজা বুলি অনুমান নকৰি নোৱাৰি। ইয়াৰ কাৰণ এই—
গুপ্তৰাজ আৰু কামৰূপ-নৃপতিসকলৰ পুৰুষীনামা মতে সুস্থিতবৰ্ম্মা আৰু মহাসেনগুপ্ত হুজন সমসাময়িক ৰজা হোৱাত কোনো আপত্তি নাই।
ডাঃ আয়েঙ্গাৰে কয়,— “এই ফলিত যুদ্ধক্ষেত্ৰ বুলি