দামোদৰগুপ্ত, মহাসেন গুপ্ত আৰু মাধবগুপ্ত। এই মাধবগুপ্তৰে পুতেক আদিত্যসেন। বাণভট্টৰ হৰ্ষচৰিতৰ মতে, মালোৱা ৰাজকুমাৰ মাধবগুপ্ত আৰু তেওঁৰ ভাতৃ কুমাৰগুপ্ত হৰ্ষবৰ্দ্ধনৰ কোঁৱৰালি কালৰ সঙ্গী আছিল। এই ফলিৰ মতেও, মাধব- গুপ্ত হৰ্ষবৰ্দ্ধনৰ মিত্ৰতা-প্ৰাৰ্থী আছিল।
হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰবৰ্ম্মা যে সমসাময়িক নৃপতি আছিল, সেই বিষয়ে বৰ্তমানে কোনো সন্দেহ নাই। সেইমতে চাবলৈ গলে ভাস্কৰবৰ্ম্মাৰ পিতৃদেৱ সুস্থিতবৰ্ম্মা, হৰ্ষবৰ্দ্ধনৰ পিতৃ প্ৰভাকৰবৰ্দ্ধন, মাধবগুপ্তৰ পিতৃ মহাসেন গুপ্ত, এই তিনজনা নৃপতিও সমসাময়িক আছিল বুলি সহজে অনুমান কৰিব পাৰি। হৰ্ষচৰিত, নলন্দ বিহাৰত পোৱা ছাব, আৰু নিধানপুৰত আবিষ্কৃত ভাস্কৰবৰ্ম্মাৰ তামৰ ফলিত ভাস্কৰবৰ্ম্মাৰ পূৰ্ব্বপুৰুষ- সকলৰ নাম এইদৰে পোৱা যায়।—
“হৰ্ষচৰিত”।—ভূতিবৰ্ম্মা, তৎপুত্ৰ চন্দ্ৰমুখবৰ্ম্মা, তৎপুত্ৰ স্থিতিবৰ্ম্মা, তৎপুত্ৰ সুস্থিৰবৰ্ম্মা বা মৃগাঙ্ক, পত্নী শ্যামাদেৱী; তৎপুত্ৰ ভাস্কৰবৰ্ম্মা বা ভাস্কৰদ্যুতি। নিৰ্ণয়সাগৰ সংস্কৰণৰ ‘হৰ্ষচৰিত’ত সুস্থিৰবৰ্ম্মাৰ ঠাইত সুস্থিত বৰ্ম্মা পোৱা যায়।
নলন্দ মোহৰ।—গণপতিবৰ্ম্মা, পত্নী যজ্ঞৱতী; তৎপুত্ৰ মহেন্দ্ৰবৰ্ম্মা, পত্নী সুব্ৰতা; তৎপুত্ৰ নাৰায়ণবৰ্ম্মা, পত্নী দেৱৱতী; তৎপুত্ৰ মহাভূতিবৰ্ম্মা, পত্নী বিজ্ঞানৱতী; তৎপুত্ৰ চন্দ্ৰমুখবৰ্ম্মা, পত্নী ভোগৱতী; তৎপুত্ৰ স্থিতবৰ্ম্মা, পত্নী নয়নশোভা; তৎপুত্ৰ