সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাচীন কামৰূপ-বুৰঞ্জীৰ ভাগ 60 বিষয়ে ইয়াৰ বাহিৰে অন্য কোনো ঠাইত আজিলৈকে উল্লেখ পোৱা নাযায়। উপৰোক্ত স্তশুমতে যশোধৰ্মনে স্থনা মিহিৰণ্ডলক পৰাজয় কৰে। কিন্তু হিৱেনচাঙ্গৰ মতে হুন- বিজেতাৰ নাম মগধৰাজ বলাদিত্য। এই ফলিত আৰু লিখা আছে যে পৰাক্ৰমী গুপ্ত সম্ৰাটসকলে যিবোৰ ৰাজ্য বশ কৰিব পৰা নাছিল, সেইবোৰ দেশ যশোধৰ্ম্মনৰ বশীভূত হৈছিল। তেওঁৰ সাম্ৰাজ্য পশ্চিম-সাগৰৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, আৰু হিমালয়ৰ পৰা মহেন্দ্ৰ গিৰিলৈকে গোটেই উত্তৰ-ভাৰতত বিস্তৃত আছিল। এখন ফলিৰ মতে যশোধৰ্ম্মনৰ কাল 500 খৃষ্টাব্দ বুলি ধাৰ্য্য কৰিব পাৰি। ভিনচেণ্ট, স্মিথৰ মতে যশোধৰ্ম্মনৰ অনুশাসনত লিপিবদ্ধ নিজৰ দিগ্বিজয়-ঘোষণাত সত্যতকৈ আত্মশ্লাঘাৰ পৰিমাণ বেচি। তথাপি কেতিয়া, কেনেকৈ আৰু কাৰ দিনত যশোধানে লৌহিত্যলৈকে ৰাজ্যবিস্তাৰ কৰিব পাৰিছিল সেইটো অনুসন্ধান কৰিব লগীয়া। নলন্দ বিহাৰত পোৱা ভাস্কৰবৰ্ম্মাৰ ছাব।—ভাৰতৰ মাৰ্কিয়লজিকেল ডিপাৰ্টমেন্টে প্ৰাচীন নলন্দ বিহাৰৰ ভগ্নাৱ- শেষ ধানোতে কামৰূপ-নৃপতি ভাস্কৰবৰ্ম্মাৰ এটা ছাব বা মোহৰ আবিষ্কাৰ কৰে। এই মোহৰৰ ওচৰতে সম্ৰাট হৰ্ষবৰ্দ্ধনৰ দুটা আষাভগা হাবো পোৱা গৈছে। এই ধৰণৰ ছাব মাটি পুৰি, ইটাৰ নিচিনা কট্‌কটীয়া টান কৰা হয়। নাম-ধাম, বংশ-উপাধি আদিৰ পৰিচয় দিয়া তাতে ৰজাৰ হয়। এই