সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাচীন কামৰূপ ৰৱীৰ মতান 32 শিলাদিত্যৰ সৈতে মিত্ৰতা স্থাপন কৰিবৰ নিমিত্তে হংসকে কটকীৰ জৰীয়তে যিবোৰ উপঢৌকন পঠিয়াইছিল, তাৰ ভিতৰত এই অলৌকিক শক্তিসম্পন্ন আভোগ ছত্ৰ সৰব- প্ৰধান আছিল।—বাণৰ হৰ্ষচৰিত, কাৱেল আৰু মাছৰ ভাঙ্গনি। কামৰূপেশ্বৰৰ নিচিনা পৰাক্ৰমী প্ৰত্যন্ত-নৃপতিসকলৰ দ্বাৰা নিজৰ আজ্ঞা পালন হোৱাৰ কাৰণে গুপ্ত-সম্ৰাট সমুদ্ৰগুপ্ত গৌৰৱান্বিত হৈছিল। — ফ্লীটৰ গুপ্ত-অনুশাসনমালা, ১নং। - হুনৰাজ মিহিৰগুলৰ দৰ্পচূৰ্ণকাৰী যশোধৰ্ম্মনৰ সাম্ৰাজ্য পশ্চিম-সাগৰৰ পৰা লৌহিত্যৰ তীৰলৈকে গোটেই উত্তৰ- ভাৰতত বিস্তৃত আছিল।—ফ্লীট, ৩৩নং অনুশাসন। মগধৰাজ মহাসেনগুপ্তই নিজৰ দিগ্বিজয়-যাত্ৰাত কামৰূপ নৃপতি সুস্থিতবৰ্ম্মাৰ পৰা বীৰোচিত প্ৰতিবন্ধক পাইছিল। হৰ্ষচৰিতৰ গ্ৰন্থকাৰ বাণভট্টৰ মতে এই সুস্থিতবৰ্ম্মা বা মৃগাঙ্ক দিগ্বিজয়ী বীৰ বুলি ভাৰতত সুবিখ্যাত আছিল। কিন্তু দৈব-দুৰ্ব্বিপাকত মহাসেনগুপ্তৰ হাতত সুস্থিতবৰ্ম্মাৰ পৰাজয় ঘটে। মহাসেনগুপ্তৰ বিজয়গীতি তেওঁৰ নাতিয়েক আদিত্য- সেনৰ দিনলৈকে লোহিত্যতীত তামোল গছৰ তলে-তলে গোৱা শুনা গৈছিল।—ফ্লীট, ৩২নং অনুশাসন। উত্তৰ-ভাৰতৰ একছত্ৰ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ সৈতে ভাস্কৰবৰ্ম্মাৰ মিত্ৰতা, জ্ঞানপিপাসু ভাস্কৰবৰ্ম্মাৰ ৰাজচ'ৰাত পৰিব্ৰাজক- শিৰোমণি হিয়েনচাঙ্গৰ অৱস্থিতি; হিন্দুমত্তৰ সন্নিকটবৰ্ত্তী