বুৰঞ্জীৰ ৰাণী ভাৰতৰ কোনো সাৰ্ব্বজনীন কাৰ্য্যকলাপৰ পৰা আঁতৰ হৈ থাকিবলৈ ভাল নাপাইছিল। ৰাজনৈতিক বা বৈবাহিক সুত্ৰে ভগদত্ত-স্মৃতি জড়িত কামৰপৰ সৈতে আৰ্য্যাবৰ্ত্তৰ নৃপতিসকল আৱদ্ধ হৈ গৌৰৱ অনুভৱ কৰিছিল। এনে বিৰাট সুদীৰ্ঘ আদান-প্ৰদানৰ ফলস্বৰূপে, উত্তৰ-ভাৰতৰ ৰজা- সকলৰ লিপিবদ্ধ কাহিনীত, ঘাইকৈ অনুশাসনবোৰত, কাম- ৰূপৰ নাম অঙ্কিত হৈছে।
- ভাৰতৰ মহাসমৰ কুৰুক্ষেত্ৰত ভগদত্তৰ বীৰত্বব্যঞ্জক মূৰ্ত্তি
আৰু তেওঁৰ সেনাবাহিনীৰ সাঙ্গপাৰে যুঁজাৰুসকলৰ প্ৰাণত ভয় আৰু বিস্ময় সঞ্চাৰ কৰিছিল। ইন্দুমতীৰ বিবাহ-মঞ্চত নিৰ্ব্বাচিত পৰা অজই হস্তিচালনাত সুনিপুণ কামৰূপেশ্বৰৰ হাতত হাত থৈ হাতীৰ পৰা অৱতৰণ কৰিছিল। ৰঘুবংশ, ৭ম সৰ্গ, ১৭-শ শ্লোক। কাশ্মীৰ-নৃপতি মেঘবাহনে যুৱৰাজ কালত পিতৃ গোপা- দিত্যৰ আদেশমতে কামৰূপ ৰাজনন্দিনী অমৃত প্ৰভাৰ স্বয়ম্বৰত উপস্থিত হৈছিল। যুৱৰাজ মেঘবাহনৰ গাত, তাহানি নৰকাসুৰে যৰুণৰ পৰা কাঢ়ি অনা ছত্ৰৰ ৰাজলক্ষণসূচক ছয়া পৰিবলৈ ধৰিলে। অমৃত প্ৰভাৰ বৰমাল্য মেঘবাহনৰ কণ্ঠত অৰ্পিত হল। কামৰূপ-কন্যা কাশ্মীৰ-ৰাজমহিষী অমৃত প্ৰভা পাচলৈ বৌদ্ধ ভিক্ষুসকলৰ পৃষ্ঠপোষিকা হৈছিলগৈ।--ষ্টেইনৰ অনূদিত ৰাজতৰঙ্গিণী, ২য় আৰু ৩য় খণ্ড। কামৰূপেশ্বৰ ভাস্কৰবৰ্মাই স্থানেশ্বৰৰ সম্ৰাট হৰ্ষবন্ধন