প্ৰাচীন কামৰূপ-বুৰঞ্জীৰ আভাস সুবিস্তীৰ্ণ প্ৰাচীন কামপ ৰাজ্যৰ ধাৰাবাহিক বুৰঞ্জী আজিলৈকে সঙ্কলিত হোৱা নাই। ইয়াৰ কাৰণ, তেনে বুৰঞ্জী সঙ্কলনৰ যথেষ্ট সঁজুলি পোহৰলৈ ওলোৱা নাই। প্ৰাচীন কামৰূপৰ নৃপতিসকলৰ ভিতৰত আমি আজিলৈকে বলবৰ্ম্ম- দেৱ, ভাস্কৰবৰ্ম্মা, হৰ্জৰবৰ্ম্মা, বনমালঙ্গেৰ, ধৰ্ম্মপাল, ইন্দ্ৰপান আৰু বৈতদেৱ আদিৰ মাথোন ফলি পাইছোঁ। সেইবোৰত প্ৰাচীন কামৰূপ-বুৰঞ্জীৰ বিষয়ে বিক্ষিপ্তভাবে আভাস পোৱা যায়। ইয়াৰ বাহিৰে প্ৰাচীন গ্ৰন্থাৱলীত কামৰূপ বা প্ৰাগজ্যোতিষৰ বিষয়ে অলপ-অচৰপ বিৱৰণ চকুত পৰে॥ সম্প্ৰতিকলৈ এই দুইশ্ৰেণীৰ সঁজুলিকে প্ৰাচীন কামৰূপ-বুৰঞ্জী। সঙ্কলনৰ সম্বল বুলি ধৰা হৈছে। যথাযথ আহিলাৰ কাৰণে বুৰঞ্জী- লিখক অসমৰ সীমা পাৰ হৈ আৰু এবিধ উপাদান অনুসন্ধান কৰিবলৈ বাধ্য হৈছে। সেয়ে হৈছে, উত্তৰ-ভাৰতৰ প্ৰাচীন অনুশাসনবোৰত কামৰূপৰ উল্লেখ। এই তৃতীয় বিধ সঁজুলিৰ পৰিমাণ তাকৰ হলেও ইয়াৰ মূল্য অতি বেচি। আগৰ দিনত উত্তৰ ভাৰতৰ ৰজাসকলৰে সৈতে কাম- অপৰ বৰ ঘনিষ্ঠ সম্বন্ধ আছিল। আৰ্য্যাবৰ্ত্তৰ নৃপতিবৃন্দই কামৰূপক আওঁহতীয়া বুলি কোনো বিৰাট অনুষ্ঠান বা আন্দোলনৰ পৰা বাদ নিদিছিল, আৰু কামৰূপেও উত্তৰ-
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩৯
অৱয়ব