পুঞ্জীৰ বাণী সকলে গল্পৰাঞ্জিৰ কুম নেদেখুৱাইছিল পঁচা, কিন্তু তেওঁলোকৰ যৌৰনৰ পয়োভৰেৰে কাশ্মীৰ-সৈন্যৰ চিত্ত চঞ্চল কৰিছিল। স্ত্ৰীৰাজ্যৰ অধীশ্বৰীয়ে ললিতাদিত্যৰ ওচৰলৈ যাওঁতে তেওঁৰ অঙ্গৰ কম্পন আদি বিকাৰ দেখি কোনেও স্থিৰ কৰিব নোৱাৰি- ছিল যে এই বিকাৰ অনুৰাগ নে ভয়ৰপৰা প্ৰসূত।” কিছুমান বুৰঞ্জী লিখকে স্ত্ৰী-প্ৰাধান্য বা মেটা য়াৰ্কি-প্ৰথা প্ৰচলিত জয়ন্তীয়া আৰু বাচিয়৷ ৰাজ্যকে এই স্ত্ৰীৰাজ্য বুলি ঠাৱৰ কৰিছে, খেনোৰ মতে এই ৰাজ্যক প্ৰমীলাৰ দেশে৷ বোলা হয়। ৰাঞ্জতৰঙ্গিণীৰ মতে মেঘবাহনে কামৰূপৰ বৰুণ-ছত্ৰ কাশ্মীৰলৈ লৈ যায়, আৰু তেওঁ দিগ্বিজয়-যাত্ৰাত এই ব্যৱহাৰ কৰাৰ কথাও উল্লেখ আছে। কিন্তু বাণ-বিচিত হৰ্ষ-চৰিতৰ মতে খৃষ্টীয় সপ্তম শতিকাত এই ছত্ৰ কুমাৰ ভাস্কৰবৰ্ম্মাৰ সম্পত্তি হৈ আছিল। সম্ৰাট হৰ্ষবৰ্দ্ধনৰ মিত্ৰতা প্ৰাৰ্থী ভাস্কৰবৰ্ম্মাৰ দূত হংসবেগে নিয়া উপহাৰৰ ভিতৰত ‘লাভোগ' নামে এই ছাত্ৰ সৰ্বপ্ৰধান সামগ্ৰী আছিল আৰু হংসবেগে এই ছত্ৰৰ অলৌকিক মহিমা বিশেষ উৎসাহেৰে বৰ্ণনা কৰিছিল। এই ছত্ৰৰ প্ৰভাবৰ কথা শুনি হৰ্ষবন্ধনে কৈছিল,—“এনে এটা অমূল্য উপহাৰৰ প্ৰতিদান আমৰণ মিত্ৰতাৰ বাহিৰে আন কি হব পাৰে?” ফেব্ৰুৱাৰী, ১৯৩২ চन।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩৮
অৱয়ব