জান মহিষীৰ পুত্ৰ সেই বিষয়ে 'ৰাজতস্বিণী' নিষান্ত। কিন্তু বহুদিনলৈকে 'অমৃত প্ৰভা' এই নামটো কাশ্মীৰৰ ৰাজমহিষী- সকলৰ আখ্যা স্বৰূপে পোৱা যায়। মেঘবাহনৰ ১৭৭ পাচত ৰণাম্বিত্য ৰজা হয়, তেওঁৰ এগৰাকী মহিৰীৰ নাম অমৃত প্ৰভা। ৰণাদিত্যৰ ৫২৮ বছৰৰ পাচত জয়পীড় বিনয়াদিত্য বলা হয়, তেওঁৰ মাকৰো নাম আছিল অস্বতপ্ৰভা। পুতেক জন্মপীড়ৰ টান নৰিয়া হোৱাত এই গৰাকী অমৃত প্ৰভাই 'অম্ৰটকেশ্বৰ' নামে মন্দিৰ নিৰ্ম্মাণ কৰে। এই “অমৃত প্ৰভা” নামৰ প্ৰচলনৰ পৰা প্ৰথম গৰাকী অমৃত প্ৰভা অসম-জীৱৰীৰ প্ৰসিদ্ধিৰ কথা অনুমান কৰিব পাৰি। অসম-জীয়ৰী অমৃত প্ৰভাৰ পাচত কামৰূপৰে সৈতে কাশ্মীৰৰ আৰু এবাৰ সংস্পৰ্শ হয়। খৃষ্টীয় অষ্টম শতিকাত মুক্ত।পীড়-ললিতাদিত্য নামে এজন দিগ্বিজয়ী ৰজা কাশ্মীৰৰ সিংহাসনত বহে। তেওঁ কনৌজৰ ৰজা যশোবৰ্ম্মন আৰু তুৰস্কবোৰক পৰাজয় কৰি উত্তৰ-ভাৰতৰ মাজেদি চোঁচা মাৰি ভুটান আৰু তিব্বত অধিকাৰ কৰে। তাৰ পাচত প্ৰাগ- জ্যোতিষ অধিকাৰ কৰি স্ত্ৰীৰাজ্য আক্ৰমণ কৰে। ৰাজতৰঙ্গিণীৰ মতে, “ললিতাদিত্যই লোকশূন্য প্ৰাগজ্যোতিষপুৰলৈ গৈ তেওঁৰ সৈন্যসকলে দগ্ধ কৰা কৃষ্ণ-অগৰু বনৰ পৰা ওলোৱা ধূপৰ ধোঁৱা দেখা পাইছিল। সমুদ্ৰৰ সদৃশ মঞ্চভূমিত জলপ্ৰবাহৰ দৰে মৰীচিকা দেখা গৈছিল, আৰু তেওঁৰ হাতীবোৰক ঘৰিয়াল বুলি ভ্ৰম হৈছিল। স্ত্ৰীৰাজ্যৰ তিৰোতা-
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩৭
অৱয়ব