সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসম-জীৱৰী অমৃত প্ৰভা

কমণ্ডলু লৈ উত্তৰাভিমুখে গৈ অৰণ্যত সোমাল। তাৰ দিনচেৰেকৰ পাচত নন্দীক্ষেত্ৰত তেওঁ ভস্ম-ছাই দেহত সানি কদ্ৰাক্ষৰ মালা লৈ জটা বান্ধি প্ৰকাশ্যে সন্ন্যাসব্ৰত গ্ৰহণ কৰিলে। তেওঁ ইমান নিয়মীয়াকৈ সন্ন্যাসব্ৰত মানি চলিছিল যে আশ্ৰমবাসী ঋষি-পত্নীসকল তেওঁক ভিক্ষা-মুটি দিবলৈ ব্যগ্ৰ হৈছিল, কিন্তু কহলানে কয় যে গছৰ ফল আৰু কুসুমমঞ্জৰীয়ে ৰাজৰ্ষিৰ কমগুলু পূৰ্ণ কৰাত ভিক্ষুকৰ অৱস্থাতো তেওঁ পৰমুখাপেক্ষী প্ৰাৰ্থী হব লগাত নপৰিছিল। যুবৰাজ মেঘবাহনে পাত্ৰ-মন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি গান্ধাৰৰ পৰা আহি কাশ্মীৰৰ ৰাজসিংহাসনত বহিল। ৰাজ- দণ্ড হাতত লৈয়ো নানান ধৰ্ম্মকাৰ্য্যত লিপ্ত থকাত এওঁ পূৰ্ববৰ্ত্তী বোধিসত্ত্বসকলৰ গুণ-গৰিমাক চেৰ পেলাইছিল। সিংহাসনত উঠা উৎসৱত তেওঁ বিষয়াৰ হতুৱাই জীৱহত্যা নিষেধ কৰি আজ্ঞা প্ৰচাৰ কৰিলে, আৰু যিবোৰ মানুহে মঙ্গহ বেচি জীৱিকা উলিয়াইছিল তেওঁলোকৰ পোহপাল নিমিত্তে ৰজাঘৰৰ পৰা ধন দিয়াৰ ব্যৱস্থা কৰিলে। তাৰ পাচত মেখবাহন ৰজাই 'মেঘবন' আৰু 'মেঘমঠ' নামে অগ্ৰহাৰ নিৰ্ম্মাণ কৰি বৌদ্ধধৰ্ম্মৰ পৃষ্ঠপোষক বুলি প্ৰসিদ্ধি লাভ কৰে। স্বামীৰ ধৰ্ম্ম অনুসৰণ কৰি থাক অগ্ৰোপাসিকা মিলাৰ মাতা বিশাখাৰ আদৰ্শ লৈ ৰাজমহিষী অমৃত প্ৰভাই বিদেশী ভিক্ষুসকলৰ ব্যৱহাৰৰ অৰ্থে অমৃতভবন নামে বিহাৰ নিৰ্ম্মাণ কৰিলে।