সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 বুৰঞ্জীৰ পান ঋপৰত মেলি ধৰোতে ছত্ৰৰ পৰা নিৰ্গত শীতল ইয়াই কোঁৱৰক আৱৰি ধৰিলে। ৰাজকন্যাই ইয়াকে দেখি বুজিৰ পাৰিলে যে দেখবাহন একালত ৰাজাধিৰাজ চক্ৰবৰ্তী ৰঙ্গা হব। সেইমতে অমৃত প্ৰভাই মেঘবাহনৰ কণ্ঠত বৰমাল্য অৰ্পণ কৰিলে। তাৰ পাচত দুয়োৰে বিবাহ-উৎসৱ সম্পাদন স্বয়-তা অসম-জীয়ৰী অমৃতপ্ৰভা আৰু অজস্ৰ যৌতুক- সম্পত্তি লগত লৈ মেঘবাহন যুবৰাজ গান্ধাৰত থকা পিতৃ- দেৱ গোপাদিত্যৰ ওচৰ পালেগৈ। মানুহে কয় “তিকতাৰ কপালে ধন, পুৰুষৰ কপালে জন।” লক্ষ্মী-স্বৰূপিণী অসম- জীয়ৰী অমৃত প্ৰভাক বিয়া কৰোৱাৰ পাচত পলৰীয়া ৰাজপুত্ৰ গোপাদিত্যৰ পুতেক মেঘবাহনৰ ভাগ্য-আকাশত সৌভাগ্য শুৰুষে দেখা দিলে। কাশ্মীৰৰ প্ৰজাবৃন্দই পাত্ৰ-মন্ত্ৰী সহিতে স্বান্ধাৰলৈ গৈ মেঘবাহনক কাশ্মীৰৰ ৰাজসিংহাসন যাচিলে। ইতিপূৰ্ব্বে মেঘবাহনৰ পূৰ্ব্বপুৰুষসকলে, অৰ্থাৎ গোনন্দীয়- বংশই ১০০২ বছৰ কাশ্মীৰৰ ৰাজপাট খাইছিল। তাৰ পাচত ১৯২ বছৰ ধৰি অন্যবংশৰ ৰজা কাশ্মীৰৰ অধীশ্বৰ হৈছিল, পাৰ্য্যৰাজ এই নতুন বংশৰ শেষ ৰজা। এতিয়া পাত্ৰ-মন্ত্ৰীসকলে দেখবাহনক কলে, "এই কাশ্মীৰ ৰাজ্য তোমাৰ বংশৰ ৰজাসকলৰহে যোগ্য। ” ধৰ্ম্মপ্ৰাণ আৰ্য্যৰাজ ৰজাই এই কথাৰ সত্তেদ পাই নিজ ইচ্ছামতে সিংহাসন ত্যাগ কৰি ভিক্ষুকৰ বেশ পিন্ধি হাতত