জনম-জীয়ৰী অমৃতপ্ৰা লগতে ৰাখিছিল। গান্ধাৰত শৰণাগতভাৱে থাকোতে পোপাদিত্যৰ এটি কোঁৱৰ জন্ম হয়; তেওঁৰ নাম মেধবাহুন। কালক্ৰমে কোঁৱৰৰ বিবাহযোগ্য বয়স হল। এনে সময়ত প্ৰাজ্যোতিষ ৰাজ্যৰ বিষ্ণুবংশীয় নৃপতিৰ কন্যা অমৃত প্ৰভাব স্বল্পস্বৰ সভাৰ আয়োজন চলিল। ভাৰতৰ প্ৰাচীন ৰীতি অনুসৰি সেই স্বয়ম্বৰলৈ দেশ-বিদেশৰ ৰজা আৰু ৰাজপুত্ৰক নিমন্ত্ৰণ কৰা হল। গোপাদিত্যই ভাবিলে, তেওঁৰ বিপন্ন অৱস্থাত পুতেক কামৰূপৰ ৰাজকন্যাৰ নিৰ্ব্বাচিত স্বামী হব পাৰিলে বিক্ৰম যশস্যা আৰু ঐশ্বৰ্য্য সকলো বিষয়তে তেওঁৰ প্ৰতিপত্তি বাঢ়িব। সেইদেখি গোপাদিত্যই কৈ-মেলি পুতেক মেঘবাহন কোঁৱৰক গান্ধাৰৰ পৰা প্ৰাগজ্যোতিষপুৰলৈ অমৃত- প্ৰভাৰ স্বপ্নম্বৰলৈ পঠিয়ালে। ভগদত্তবংশীয় ৰাজপৰিয়ালৰ এটি অলৌকিক সম্পত্তি আছিল,— অতি পূৰ্ব্বকালত নৰকাসুৰ ৰজাই বৰুণ দেৱতাৰ পৰা কাঢ়ি অনা ছত্ৰ। ৰাজলক্ষণসম্পন্ন কোনো পুৰুষৰ মূৰৰ ওপৰত এই ছত্ৰ মেলি ধৰিলেই শীতল ছুঁয়া নিক্ষেপ কৰে, অন্যৰ ওপৰত মেলিলে ইয়াৰ এই অলৌকিক প্ৰভাৱ দেখা নগৈছিল। অমৃত প্ৰভাৰ স্বয়ম্বৰত এই ছত্ৰ ব্যৱহাৰ কৰা হৈছিল। বোৰ কৰোঁ, ৰাজকন্যাই স্বপ্নম্বৰ-মালা হাতত লৈ সখী-সহচৰী সমন্বিতে নৃপতি আৰু ৰাজপুত্ৰসকলৰ কাৰ চাপোতে ছত্ৰধাৰী পৰিচাৰকে এজনৰ পাচত এজনকৈ প্ৰত্যেক পুৰুষৰ ওপৰত এই ছত্ৰ মেলি ধৰিছিল। ৰাজপুত্ৰ দেখাৰ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩৩
অৱয়ব