সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসম-জীয়ৰী অমৃতপ্ৰভা ভাৰতৰ দুই সীমান্তত দুখন ৰাজ্য, —কাশ্মীৰ আৰু কামৰূপ। যি কালত কামৰূপৰ ভাগ্য-বিধাতা প্ৰসন্ন আছিল, যি কালত ভাৰতৰ নানা ঠাইৰ ৰাজপুৰুষসকলে ভগদত্তবংশীয় কোনো ক্যাৰ পাণিগ্ৰহণ কৰিব পাৰিলে নিজকে গৌৰৱান্বিত বুলি ভাবিছিল, সেই কালত কামৰূপেশ্বৰৰ দুহিতা অমৃত প্ৰভাই কাশ্মীৰৰ ৰাজ-প্ৰাসাদৰ শোভা বৰ্দ্ধন কৰিছিল। অমৃত- প্ৰভা বুৰঞ্জীৰ উপেক্ষিতা। কিন্তু কাশ্মীৰৰ বুৰঞ্জীত আৰু ভাৰতত বৌদ্ধধৰ্ম্মৰ অভ্যুদয়ৰ কাহিনীত অমৃত প্ৰভাই খিলঞ্জীয়া খ্যাতি লাভ কৰি আহিছে। কহলান বিৰচিত কাশ্মীৰৰ বুৰঞ্জী “ৰাজতৰঙ্গিণীত” অমৃত- প্ৰভাৰ নাম পোৱা যায়, তাৰ উপৰিও, চীন-পৰ্যটক ঔ-কং ৰচিত কাশ্মীৰৰ বিৱৰণতে৷ তেওঁৰ উল্লেখ আছে। কিন্তু এনে এগৰাকী বুৰঞ্জী প্ৰসিদ্ধ অসম-জীয়ৰীৰ বিষয়ে তেওঁৰ বৰ্তমান যুগৰ বাই-ভনী আৰু ভাই-ককাইসকলে একোকে নাজানে। নাজানিবৰ কথাই। খৃষ্টীয় প্ৰথম শতিকাত কাশ্মীৰত মেঘবাহন নামে এজন পৰাক্ৰমী ৰজাই ৰাজত্ব কৰে। অমৃতপ্ৰভা এই মেঘবাহন ৰজাৰ পটেশ্বৰী আৰু প্ৰধানা ৰাজমহিষী আছিল। পিতাক আছিল কামৰূপৰ অধিপতি, কিন্তু তেওঁৰ এইজনা কামৰূপেশ্বৰৰ মান জানিব পৰা নগল। তেওঁ ভগদত্তবংশীয়