সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক-অসমত এনুমুকি 33 “ৰংপুৰৰ আনিমবাসীসকল কোচ আৰু তাৰ ওচৰ- সম্বন্ধীয় কামৰূপী জাতিবৃন্দৰ অন্তৰ্ভুক্ত। মুছলমানৰ অভাৱৰ পূৰ্ব্বে এওঁলোকৰ পৰাই শাসনকাৰী বংশ স্থাপিত হৈছিল। কোচবেহাৰৰ চাৰিওফালে থকা জাতিবৃন্দৰ মাজত মঙ্গোলীয় চা-চেহেৰা বা মুখৰ সাঁচৰ প্ৰাধান্য পৰিলক্ষিত হয়। বুকানন হেমিলটনৰ সময়ত গোবিন্দগঞ্জৰ আধাখিনি হিন্দু অধিবাসী কামৰূপীয় জাতিবৃন্দৰ অন্তৰ্ভুক্ত আছিল। কিন্তু বৰ্তমানে তাৰ সীমা আৰু উত্তৰফালে আগবাঢ়ি গৈছে। ৰংপুৰ চহৰৰ ডেৰকুৰি মাইলমান উত্তৰত আৰু তিষ্ঠা নদীৰ পশ্চিমে থকা গাওঁবোৰত, সাধাৰণ শ্ৰেণীৰ তিৰোতাবোৰে কামৰূপী পোছাক পিন্ধে, আৰু সেই পোছাক বঙ্গদেশত ব্যৱহৃত শাৰীৰ পৰা দেখাদেখিকৈ পৃথক।” দুই জাতিৰ মাজত একে কিম্বান্তীৰ প্ৰচলনৰ পৰাও একে ঐতিহ্যৰ প্ৰমাণ পোৱা যায়। ধৰ্ম্মপাল ৰজাৰ বোৱাৰীয়েক মইনামতী বা মীনাৱতীৰ গীত পূৰ্ব্ববঙ্গৰ নানা ঠাইত প্ৰচলিত আছে। ম‍ইনামতীৰ পুতেক গোপীচন্দ্ৰ। সস্তানবৎসলা বিধৱা ম‍ইনামতীয়ে সংসাৰ-বিৰাগী পুতেকক সন্তোষ লগাবলৈ গোপীচন্দ্ৰক এশ-জনী দিলিপ্‌ কন্যা বিয়া কৰাই দিয়ে। তথাপি সন্ন্যাসধৰ্ম্ম গ্ৰহণ কৰাৰ পৰা মাকে গোপীচন্দ্ৰক বিৰত কৰাব নোৱাৰিলে। গোপীচন্দ্ৰৰ সংসাৰ- ত্যাগৰ অভিলাষ কেন্দ্ৰ কৰি মাতৃ মীনাতী আৰু ৰাজী হন। च পহুনাৰ বিলাপ লৈ গোপীচন্দ্ৰৰ গীত ৰচিত হৈছে৷ বঙ্গৰ