সভ্যতাৰ নিচান উৰিছিল সিও আজি প্ৰাত্বিক আলোচনাৰ অন্তৰ্গত বিষয় হৈ পৰিছে। আমাৰ প্ৰতিবেশীসকলে এই কেই ৰাজ্যখণ্ডৰ ভাষা আৰু সভ্যতাক নিজৰ বুলি দাৰি কৰিছে। অসমীয়াৰ আজি আৰ্থিক বল নাই, অসমীয়া প্ৰত্নতাত্ত্বিক আৰু লিখকৰ কাপত ভাষাৰ প্ৰভাৱ নাই, অসমীয়া কৰ্ম্মবীৰৰ চেতনাত অঘটন-ঘটন-পটীয়সী প্ৰতিভা নাই, সেইদেখি আমাৰ বুকুৰ মঙ্গহ ককাই-ভাইক আমাৰ নিজ বুলি জগতৰ সমুখত দাবি কৰিবলৈকো আমি অসমীয়া আজি অসমৰ্থ হৈছোঁ। কোচবেহাৰ আমাৰ অসমীয়াৰ, ৰংপুৰ, জলপাইগুৰি, মৈমনসিংহ আমাৰ অসমীয়াৰ। বঙ্গীয় সাহিত্যসম্ৰাট বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কৈছিল, – “এক সময়ে কামৰূপ ৰাজ্য অতি বিস্তৃত হইয়াছিল। কৰতোয়া ইহাৰ পশ্চিম সীমা ছিল। আধুনিক আসাম মণিপুৰ, কাছাড়, শ্ৰীহট্ট, ময়মনসিংহ, ৰংপুৰ, জলপাইগুৰি, কোচবেহাৰ ইহাৰ অন্তৰ্গত ছিল।”— প্ৰবন্ধ পুস্তক, ২য় ভাগ। কোচবেহাৰৰ ৰজা নৰনাৰায়ণে যেতিয়া অসমীয়া সাহিত্যৰ ভেটি বান্ধিছিল, যেতিয়া তেওঁ মহাপুৰুষ শঙ্কৰদেৱ আৰু কবিৰ ৰামসৰস্বতীৰ দ্বাৰা ভাগৱত আৰু মহাভাৰত অনুবাদ কৰাই সেই গ্ৰন্থ ৰাজ্যত প্ৰচাৰ কৰিছিল, তেতিয়া তেওঁ নিজ ৰাজ্যত বিদেশী ভাষা আৰু সাহিত্য প্ৰচাৰৰ বাট মোকলোৱা নাছিল। সঙ্গে কোচবেহাৰ ৰাজ্যতে তেতিয়া অসমীয়া ভাষা
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২৫
অৱয়ব