সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৰনাৰায়ণৰ প্ৰায় ডেৰ-শ বছৰৰ পাচত আহোম স্বৰ্গদেৱ কদ্ৰসিংহ মহাৰাজে কৰতোয়াৰ সমীপবৰ্ত্তী সকলো ৰাজ্য বশ কৰি পুনৰ কামৰূপ ৰাজ্য সংগঠিত কৰিব খুজিছিল। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত অসমে বঙ্গালক পৰাস্ত কৰি খেদি নি কৰতোয়া নদীত খাণ্ডা পথালিছিল, আৰু বিজয়ৰ চিনস্বৰূপ সেই নদীৰ সমীপত এটি মন্দিৰ আৰু পুখুৰী নিৰ্ম্মাণ কৰিছিল। সেই কথা স্মৰণ কৰি ৰুদ্ৰসিংহ স্বৰ্গদেৱে পাত্ৰ-মন্ত্ৰীক কলে, “মানাহাৰ পৰা কৰতোয়ালৈকে বিস্তৃত যিবোৰ ৰাজ্য সম্প্ৰতিকে আমি হেৰুৱাইছোঁ সেই সকলোবিলাক আমাৰ পূৰ্ব্বপুৰুষসকলৰ শৰণীয়া আছিল। এতিয়া ম‍ই সংকল্প কৰিছো যে সেই ৰাজ্যবোৰ উদ্ধাৰ কৰি অসমৰ পুৰাকলীয়া পশ্চিম সীমা ওভোতাই আনো।” এই প্ৰস্তাৱমতে ৰুদ্ৰসিংহ স্বৰ্গদেৱে যুদ্ধ-অভিমুখে আহি চাৰি লক্ষ্য সৈন্য আৰু যথাবিধি ৰণ-সম্ভাৰ লৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ৰাহৰ কৰিলে; কিন্তু সেই বাহৰত থকা কালত স্বৰ্গদেৱৰ বসস্তু ওলাই মৃত্যু হোৱাত তেওঁৰ মহান সংকল্প তেওঁৰ লগতে মাৰ গল। ৰুদ্ৰসিংহৰ মৃত্যুৰ পাচত কৰতোয়ালৈকে সকলো ৰাজ্য কতলীয়া কৰিবলৈ কাৰো কামনা আৰু শক্তি নহল। লাহে-লাহে পৰাক্ৰমী কোচবেহাৰ ৰাজ্যৰো ক্ষমতা টুটি আহিল। কালৰ গতিত কৰতোয়াৰ সমীপবৰ্ত্তী ৰাজ্যসমষ্টি বঙ্গদেশৰ অন্তৰ্ভুক্ত হল। কৰতোয়াৰ পৰা শদিয়ালৈকে এই গোটেইখন ৰাজ্যত যে আগেয়ে একে ভাষা আৰু একে