- একি সংস্কৃত গ্ৰন্থাবলী অসমীয়ালৈ ভাঙ্গিবলৈ পণ্ডিতসকলক আদেশ দিয়েই মহাৰাজ নৰনাৰায়ণ কাস্ত নহৈছিল। পণ্ডিত- সকলে সংসাৰৰ চিন্তা জঞ্জালৰ পৰা মুক্ত হৈ যাতে ৰচনা কামত সৰ্ব্বান্তঃকৰণে লিপ্ত হব পাৰে তাৰ কাৰণে ৰজাই তেওঁলোকক দাস-দাসীও দান কৰিছিল, আৰু পুথি আদিৰে! যোগান কৰিবৰ ৰামসৰস্বতীয়ে পুষ্পহৰণ “বনপৰ্যবস্তু” দিছিল। লিখিছে, --- “জয় নৰনাৰায়ণ ৰাজ-শিৰোমণি। সম্ভৰ পৰম মিত্ৰ ফুষ্টৰ অগনি॥ আমাক কৰিলা আজ্ঞা সাদৰ বচনে। ভাৰত পয়াৰ তুমি কৰিও যতনে॥ আমাৰ ঘৰত আছে ভাষ্য-টীকা যত। নিওক আপুন গৃহে দিলোহো সমস্ত। এহি বুলি ৰাজা পাচে বলখি যোৰাই। পঠাইলা পুস্তক সৱ আমাসাৰ ঠাই॥ ধন বস্ত্ৰ-অলঙ্কাৰ দিল। বহুতৰ। দাস-দাসী দিয়া মান কৰিলা বিস্তৰ॥” মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালত অতীত যুগৰ কামৰূপ ৰাজ্যৰ পুনৰ সংগঠন হোৱা যেন হৈছিল, অৰ্থাৎ যিবোৰ ৰাজ্য প্ৰাচীন কামৰূপৰ অন্তৰ্ভুক্ত আছিল মহাৰাজ নৰনাৰায়ণৰ কোচবেহাৰ ৰাজ্যৰ অধীনতো প্ৰায় সেইবোৰ ৰাজ্য অন্ত হৈছিল।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২৩
অৱয়ব