বুৰঞ্জীৰ বাণী উক্তিখিনি স্বৰ্গদেৱ লক্ষ্মী সিংহ মহাৰাজৰ ধনৰ সাঁচিপতীয়া বৰপাহী বুৰঞ্জী এখনিৰ পৰা লোৱা হৈছে। गान! मচ ফুকন। এই লিখকৰ দ্বাৰা সম্পাদিত “বৰফুকনৰ গীত”ৰ দ্বিতীয় ভাঙ্গৰণৰ পাতনিত থকা 'নতুন কথা' শীৰ্ষক অংশ বৰ্তমান গ্ৰন্থতো সন্নিবিষ্ট কৰি ধিয়া হল, যাতে “বুৰঞ্জীৰ বাণীৰ পঢ়ুৱৈসকলে অসমৰ ভাগ্যপৰিবৰ্ত্তনকাৰী এই যুগৰ বিষয়ে কিছু আভাল পাব পাৰে। লিখকৰ ইংৰাজী গ্ৰন্থ “এংলো- এছেমীয় ৰিলেচনাচ” ইংৰাজ-অসমৰ লেনদেনৰ বুৰঞ্জীত বদনচন্দ্ৰ বৰফুকন আৰু তেওঁৰ যুগৰ সকলো কথা পোৱা যাব। হাজিৰাচকীৰ পৰা গণপৰিষদলৈ। - শ্ৰীমান্ দেৱকান্ত বৰুৱা সম্পাদিত দৈনিক অসমীয়া, গুৱাহাটী, স্বাধীনতা সংখ্যা, ১৫ আগষ্ট ১৯৪৭ চন। এই তাৰিখৰ পূৰ্ব্বতে যাবতীয় প্ৰদেশসমূহৰ প্ৰতিনিধিৰে গঠিত গণপৰিষদত ভাৰত শাসনৰ নতুন সংবিধান ৰচনা কাৰ্য্য আৰম্ভ হৈছিল। ১৯৪৯ চনৰ নভেম্বৰ মাহত সেই সংবিধান চূড়ান্তভাৱে গণপৰিবহত গৃহীত হয়, আৰু বৰ্ত্তমানে সেই সংবিধান অনুসাৰে স্বাধীন ভাৰতৰ শাসন-কাৰ্য্য পৰিচালিত হৈছে।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২২০
অৱয়ব