বুৰঞ্জীৰ বাণী ৪ৰ্থ সংখ্যা, আহাৰ-চাদ ১৮৪৯-৫০ শক, পিঠি ১৭৪-১৮২। মূল প্ৰৱন্ধৰ শিৰোনামা আছিল “উত্তৰ ভাৰতৰ অনুশাসনত প্ৰাচীন কামৰূপ বুৰঞ্জীৰ আভাল।” প্ৰৱন্ধৰ শেহত প্ৰমাণ পঞ্জী সংযুক্ত কৰি দিয়া হৈছিল। গড়মা কুঁৱৰী। —-গৌড় বাদাহৰ কৰা পুগুদ্ধি গড়মা কুঁৱৰীৰ চৰিত্ৰ আদৰ্শস্থানীৰ নহলেও তেওঁৰ কাহিনী বৈচিত্ৰ্যময় জাৰু বিশিষ্টতাপূৰ্ণ, আৰু সেই কাহিনীত মৌলিক নাটক, কাব্য আৰু উপস্থাস ৰচনাৰ কাৰণে প্ৰথম খাপৰ উপাধান আছে। এগৰাকী ছষ্টচৰিত্ৰ৷ তিৰোতাৰ কাৰণে গৌড়, কমতা, হেড়ম্ব আৰু অসম এই চাৰি ৰাজ্যৰ মাজত সমাগ্নি জ্বলি উঠিল। অসমীয়া পাত্ৰ-মন্ত্ৰীৰ উপায়-কৌশলত জানিবা স্বৰ্গদেৱ দিহিঙ্গীয়া ৰজাই গড়মাৰ মোহিনীজালৰ পৰা কোনোমতে মুক্তি পালে। গড়মাক অসম বুৰঞ্জীৰ ক্লিয়পেট্টা বুলিব পাৰি। বৰ্ত্তমান লিখকৰ দ্বাৰা সম্পাদিত “কছাৰী বুৰঞ্জী” আৰু সুকুমাৰ মহত্তৰ ঘৰত পোৱা “অসম বুৰঞ্জী ত গড়মাৰ সাৱশেষ কথা পোৱা যাব। শূলা গাভৰু।-ৰাজকণ্ঠা গড়মাৰ বিশ্বাসঘাতকতা আৰু কলঙ্ক, আৰু অসমৰ ৰঙ্গা-জী মূলা গাভৰুৰ পতিভক্তি, দেশপ্ৰেম আৰু যুদ্ধ বিক্ৰম,--এই দুই চৰিত্ৰৰ ৰিজনি অতি শিক্ষাপ্ৰদ। ধুত ৰাধাকান্ত সন্দিকৈ ডাঙ্গৰীয়াৰ “মূলা গাভৰু" নাটক, আৰু স্বৰ্গীয় হিতেশ্বৰ বৰবৰুৱা ডাঙ্গৰীয়াৰ “যুদ্ধ-ক্ষেত্ৰত আহোম ৰমণী' কাব্য সকলোৱে পঢ়িব লগীয়া। দৰং জিলাৰ পৰিৰি মৌজাত খালি পুখুৰীয়া গাৱঁৰ বটলা-গড়ত আহোম সেনাপতি এগৰাকীৰ ভাৰ্য্যাই মুছলমানৰ লগত ৰণ কৰি যুদ্ধক্ষেত্ৰত প্ৰাণ ত্যাগ কৰিছিল বুলি এটি কিষাৰ্থী প্ৰচলিত আছে। স্বৰ্গীয় আনন্দচন্দ্ৰ আগৰৱালা ডাঙ্গৰীয়াই এই বটলাগড়ৰ বিষয়ে লিখিছিল, – “মাগেৰে এই গড়ৰ ওচৰেদি ৰৱৈ-লৈ ৰৈছিল। গাৱনীয়া মাহে বহাগৰ বিহুত ঘটলা-গড়ৰ চিলত ৰং-ধেমালি কৰিছিল, আৰু পুখুৰীটোত সেই
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২১৬
অৱয়ব