হাধিৰাচীৰ পৰা গণপৰিবলৈ আৰু নিজেই সকলো ৰাজক্ষমতাৰ অধিকাৰী হৈ শাস পৰিচালনাৰ ভাৰ গ্ৰহণ কৰে।” কমলেশ্বৰী দেবীয়ে বৃটিছৰ সৈন্য ভিক্ষা কৰি লিখিলে, – “মই এতিয়া ইচ্ছা কৰিছোঁ যে সৈন্য আৰু অস্ত্ৰৰ সহায়েৰে মই মোৰ নিজ দেশ পুনৰ দখল কৰোঁ।” কমলেশ্বৰী দেবী আৰু ব্ৰজনাথ কোঁৱৰে পূৰ্ণানন্দক ক্ষমতা- চ্যুত কৰিব নোৱাৰিলে হয়, কিন্তু বদনচন্দ্ৰ বৰফুকনে সেই একে-উদ্দেশ্যে বৃটিছৰ সহায় খুজিলে, তাত বিফলমনোৰথ হৈ মানদেশৰ পৰা সৈন্য আনিলেগৈ, ইয়াৰ পৰিণাম কি হল অসমীয়া মাত্ৰেই জানে। ৰাজ্যদ্ৰোহী বুলি এই বদনচন্দ্ৰকো পাচলৈ হত্যা কৰা হয়। ওপৰত লিখা দৃষ্টান্তমালাৰ পৰা সকলোৱে বুজিব যে আগৰ দিনৰ অসমীয়াই পৰাধীনতা আৰু অত্যাচাৰ-উৎপীড়নক নিৰ্ব্বিবাদে গ্ৰহণ নকৰিছিল। তেনে অৱস্থাত পৰিলে, প্ৰতিকাৰৰ কাৰণে অসমীয়াৰ মন-প্ৰাণ উদ্বিগ্ন হৈ উঠিছিল। নিজৰ জন্মভূমিক অসমীয়াই “সোণৰ সঁফুৰা” বুলি আখ্যা দিছিল। এই সোণৰ সঁফুৰাত ঘূণে বিন্ধিবলৈ নিদিয়াটোৱেই আছিল প্ৰত্যেক অসমবাসীৰ কৰ্ত্তব্য আৰু ধৰ্ম্ম। অম্বৰাধিপতি ৰামসিংহৰ সৈন্য হাজো অঞ্চলত বিয়পি পৰা দেখি সেনাপতি লাচিত বৰফুকনে সেই বিপুল শত্ৰুসৈন্যৰ ফালে চাই কৈছিল,—'মই ফুকনৰ দিনত এনে দশা হল! মোৰ ৰজা ৰক্ষণ হব কেনেকৈ? ৰাজ্য ৰক্ষা হব কেনেকৈ? পাচলৈ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২১৩
অৱয়ব