..३ খুৰঞ্জীৰ বাণী ফালে চিঞৰি ফুৰিছিল, “স্বৰ্গদেৱ ইয়াৰ পৰা যাওক।” নগঞাৰ নিৰ্দেশ মতে ৰজাই নতুন বৰফুকন থাৰু বৰবৰুৱা পাতিবলৈ বাধ্য হৈছিল। সেই কালত নগঞা ৰাইজৰ নেতা জাছিল সিন্ধুৰ হাজৰিকা। গৌৰীমাৰসিংহক প্ৰজাই মিলি অগাৱঁৰ পৰা খেদি দিয়াৰ নিমিত্তে নগঞা মানুহে “বঙ্গা- খেদা নগঞা” এই খিতাপ লাভ কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহায়ে অসম ৰাজ্য সুস্থিৰ কৰিবলৈ যত্নবান হৈছিল সচাঁ, কিন্তু তেওঁক বহুতে ক্ষমতালোভী আৰু স্বাৰ্থপৰ বিষয়া বুলি বিবেচনা কৰিছিল। বিজয় বৰমুৰা গোহাঁই আৰু তেওঁৰ পুতেক ব্ৰজনাৰ কোঁৱৰে পূৰ্ণানন্দৰ মনোনীত কমলেশ্বৰ- সিংহ আৰু চন্দ্ৰকান্তসিংহক সিংহাসনচ্যুত কৰি নিজে ৰজা হুবলৈ মনস্থ কৰিছিল; সেই অৰ্থে মণিপুৰ, বঙ্গদেশ, বৰ্ম্মা, কাশী আৰু নেপালৰ পৰা সৈন্য আনিবলৈ চেষ্টা কৰিছিল। এনেকি, ১৮০৬ চনত, গৌৰীনাথসিংহৰ বিধবা আইকুঁৱৰী কমলেশ্বৰী দেবীয়ে গবৰ্ণৰ-জেনেৰেললৈ এই মৰ্ম্মে আবেদন কৰিছিল,— “মোৰ স্বামী স্বৰ্গীয় গৌৰীনাথ সিংহ মহাৰাজে বৃটিছৰ সহায় ভিক্ষা কৰাত বৃটিছৰ এফৌজ কোম্পানী-সৈন্য গৈ শত্ৰুক পৰাস্ত কৰি মোৰ স্বামীক অসমৰ সিংহাসনত সুপ্ৰতিষ্ঠিত কৰে। তাৰ হুমাহমানৰ মুৰত স্বৰ্গদেৱৰ মৃত্যু হয়। সেই সময়ত সিংহাসনৰ ম্যাখ্য অধিকাৰী আছিল মোৰ স্বামীৰ আপোন ককায়েকৰ মাতিয়েক ব্ৰন্দ্ৰনাথসিংহ গোহাই-দেবতা। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁক ৰজা নাপাতি আন এজনা কোঁৱৰক সিংহাসনত বহুৱায়,
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২১২
অৱয়ব