হাদিবাচকীৰ পৰা গণগৰিবলৈ ১৯৯ বিদেশীয়ে আহি অসমত টিখিল-ঘিলাই অসমীয়াৰ ওপৰত আধিপত্য কৰি ফুৰিব তাক আমাৰ মানুহে সমুলি সবি মোৱা ৰিছিল। উন্মাদিত্যসিংহ স্বৰ্গদেৱৰ দিনত পৰমানন্দ নামে এজন বৃন্দাবন-গকুলপুৰৰ সন্ন্যাসীয়ে ৰজাৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ৰজাই সন্ন্যাসীৰ কথাত মুগ্ধ হৈ অসমৰ বৈষ্ণৱ-মহস্ত জনচেৰেকক সন্ন্যাসীৰ শিষ্য কৰাবৰ নিমিত্তে ধৰি আনি বন্দী কৰি থলে। ৰজাঘৰত বিদেশীৰ এনে প্ৰভুত্ব দেখি মকাজান মহন্তৰ সেৱক ভেবো হাজৰিকাই উয়াদিত্যসিংহক ৰজা ভাঙ্গি ভায়েক ৰামধ্বজ সিংহক ৰজা পাতিলে, আৰু উদয়াদিত্যক বধ কৰি সন্ন্যাসীকে৷ মাৰি শটো পানীত ভুৰ বান্ধি উটুৱাই দিলে। পাচলৈ ডেবেৰাই বৰবৰুৱাৰ পদ পাই ভালেমান কোঁৱৰ আৰু বিষয়াক হত্যা কৰিলে, আৰু স্ব-ইচ্ছাৰে ৰজা আৰু বিষয়া ভঙ্গা-পতা কৰিবলৈ ধৰিলে। এই কথা শুনি গুৱাহুটীয়া বিষয়াসকলে উজনিলৈ গৈ ডেৰে আৰু তেওঁৰ লগৰ মানুহক ধৰি বধ কৰি সুশাসনৰ প্ৰৱৰ্ত্তন কৰিলে। ইয়াৰ বছৰচেৰেকৰ পাচত গুৱাহাটীত লালুকসোলা বৰফুকনে বিনাযুদ্ধে গুৱাহাটী-কামৰূপ ৰাজ্য মোগলক এৰি দিলে, আৰু পৰবৰ্তীয়া ৰঙ্গা, আতন বুঢ়াগোহাঁই আৰু জয়মতী কুঁৱৰীৰ হত্যা কৰি নিজে অসম ৰাজ্যৰ স্বয়ম্ভূ-ঈশ্বৰ হোৱাদি হল। জালুকৰ উৎপীড়ন চৰি অহাত নগঞা খৰঙ্গিৰ ভোটাই ডেকা শইকীয়াই কিছুমান মানুহৰে মিলি লালুক বৰফুকনক
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২০৯
অৱয়ব