হাৰিচকীৰ পৰা পৰিষলৈ হৈছে, তেতিয়াই অসমীয়াই নিৰ্ভয় চিত্তে বীৰৰ দৰে স্থির হৈ কৈছে,—“এই সোণৰ সঁফুৰা অসমভূমিক আমি পৰমুখাপেক্ষী হবলৈ দিমনে । আমাৰ দেশত নিৰীহ প্ৰজাৰ ওপৰত অ্যা উৎপীড়ন হবলৈ নিদিওঁ।” এই মনোবৃত্তিৰ প্ৰমাণ ৰুৰঞ্জীৰ পাতে-পাতে পোৱা যায় ৷ খোৰাৰজাৰ দিনত কোচৰ লগত যুদ্ধত হাৰি স্বৰ্গদেৱে তিনিজন৷ গোহাঁইৰ পুতেকক কোচ দেশলৈ ওল-স্বৰূপে পঠাবলৈ প্রস্তাব কৰিলে। ইয়াৰ প্ৰতিবাদত বৰগোহাঁইৰ ভাৰ্য্যাই ৰাজসভাৰ পৰা নিজৰ পুতেকক কাঢ়ি লৈ গ'ল, বোলে, “তোমালোক যে কোচৰ যুদ্ধত হাৰিলা তোমালোক কিছৰ ডাঙ্গৰীয়া ? তোমালোকৰ যুদ্ধৰ সাজ মোক দিয়া, মই বুজি চাওঁ, তেতিয়া তোমালোকে গম পাবা মই তিৰো- তানে মত!! দিখৌ নৈ ওভোতাই বোৱাব পাৰিলেহে মোৰ পোক কোচলৈ দিব পাৰিবা ।” চুম্ফা জয়াদিত্য ভগাৰজাৰ কুঁৱৰীয়ে তোলনীয়৷ পো এটা মৰাত তেওঁৰ লগত ডাঙ্গৰীয়া অৰু ফুকনসকলৰ লৰাক মৈদামত থবলৈ মন কৰিলে । তাতে ভাঙ্গৰীয়াসকলে ছ কৰি বোলে, – “বুপা-পুৰাওৰ দিনত এনে কথা হোৱা নাই ৷ এতিয়া হবলৈ কেলৈ দিম, কাকো গুদায়ে নেবো।” এই বুলি ডাঙ্গৰীয়াসকলে চুৰম্ফা ৰজাক ভাঙ্গি ভায়েক ঠাপুরা গোহাঁইৰু ৰজা পাতিলে। ভগাৰজাৰ অপৰাধ আছিল বে তেওঁ কুঁৱৰীৰ অন্ন প্রস্তাৱক সমর্থন কৰিছিল ।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২০৭
অৱয়ব