সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাদিবাচকীৰ পৰা গণপৰিবলৈ মহাৰাজে এবাৰ কৈছিল, “বিদেশীৰ অধীনত থকাতকৈ মৰণেহে যুগুত।” স্বৰ্গদেৱৰ বাক্য হৈছে অসমীয়াৰ অন্তৰ্নিহিত অপৰাজেৰ স্বাধীনতা-প্ৰেমৰ ভাষাময়ী প্ৰতিমা মাথোন। মণিৰাম দেৱানৰ ফাঁচীৰ পাচত অসমীয়াই স্বাধীনতা অৰ্জ্জুনৰ কাৰণে সম্মিলিত চেষ্টা কৰাৰ কোনো সম্ভেদ পোৱা নাযায়। স্বাধীনতাৰ সোৱাদ পোৱা “পিতৃ-বুঢ়াগোহাঁইৰ দিনৰ” চেঙ্গা তেজৰ মানুহবোৰ এটি এটিকৈ নাইকিয়া হবলৈ ধৰিলে। অসমত বিদেশীৰ দুৰ্জ্জয় হেচা এনেকি অসমীয়া ভাষাৰ অস্তিত্বলৈয়ো টনা-আজোৰা, অসমীয়াই নিজৰ অৱস্থা টলকি চাবলৈকে ভালেখিনি বছৰ লাগিল। তথাপি ১৮৬১ চনত আফু-খেতি ৰদ কৰাৰ কাৰণে নগাওঁ জিলাৰ ফুলগুৰি অঞ্চলৰ প্ৰজাবৃন্দই গৱৰ্ণমেন্টৰ বিৰুদ্ধে অস্ত্ৰ লৈ থিয় হৈছিল; সেই বিদ্ৰোহক নগঞা মাহুছে আজিলৈকে “ফুলগুৰিৰ চোৱা” বুলি আখ্যা দিয়ে। তাৰ পাচত ১৮৬৯ চনত বৰপেটাত বিদ্ৰোহী প্ৰজাৰ লগত পুলিচৰ সংঘৰ্ষ হয়। ১৮১৩ চনত মাটিৰ খাজানা বঢ়োৱাৰ নিমিত্তে ৰঙ্গিয়া, বৰপেটা, নৰং আদি ঠাইৰ গাৱঁলীয়া প্ৰজাই বিদ্ৰোহৰ সূত্ৰপাত কৰে। এই কালত যিসকল অসমীয়া নেতাৰ আৱিৰ্ভাৰ হৈছিল তেওঁলোকৰ সকলো চেষ্টা শুপ্ত হৈছিল অসমীয়া ভাষাৰ, প্ৰকাৰান্তৰে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ প্ৰথভুত। কিন্তু মহামানৱ মহাত্মা গান্ধীৰ অধিনায়কত্বত যেতিয়া সদৌ ভাৰতত স্বাধীনতাৰ কাৰণে অহিংम সংগ্ৰम