সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাৰিচকীৰ পৰা পৰিষদলৈ জন! হল। কৰ সোধাব নোৱাৰাৰ বাবে পুৰন্দৰ সিংহৰ গাত সম্পুর্ণ দোষ নাছিল, কাৰণ ভগা-ৰাজ্য বাঁটি লওঁতে তেওঁৰ দুৰ্ভয় পৰিশ্ৰম হৈছিল । অসমীয়া মানুহে নগ টকাৰে খাজানা দিয়াতকৈ গাৰে খাটি দিয়া নিয়মটো খেচি ভাল পাইছিল। এইটো সকলোৱে স্বীকাৰ কৰিছে যে পুৰন্দৰসিংহ স্বৰ্গদেৱে ৰাজ্যত ভালমতে থিত হবলৈ নৌ- পাওঁতেই তেওঁৰ পৰা ৰাজ্য কাঢ়ি নিয়া হল । সামান্য ত্রুটিত ৰাজ্য হেৰুৱাব লগাত পুৰন্দৰ সিংহ স্বর্গ- দেৱ বিষম ক্ষুণ্ণ হ'ল। কোম্পানীৰ পৰা তেওঁক মাছে এ- হেজাৰ টকা বানচ দিয়াৰ ঠিক হৈছিল, বৃটিছৰ ওপৰত অসন্তোষ প্ৰকাশ কৰি ৰজাই তাক গ্ৰহণ নকৰিছিল । ১৮৪৬ চনত মহাৰাজ পুৰন্দৰসিংহৰ, আৰু ১৮৫২ চনত তেওঁৰ পুতেক যুবৰাজ কামেশ্বৰসিংহৰ মৃত্যু হয়। তেতিয়াৰেপৰা কামেশ্বৰ- সিংহৰ বাৰ বছৰীয়া পুতেক কন্দপেশ্বৰসিংহ আহোম ৰাজ- পৰিয়ালৰ প্ৰতিনিধি বুলি পৰিগণিত হবলৈ ধৰিলে ৷ ইপিনে ১৮৩৯ চনত চন্দ্ৰকান্তসিংহৰ মৃত্যু হোৱাত তেওঁৰ পুতেক ঘনকান্তসিংহই খুবৰাজ মৰ্য্যাদা লাভ কৰে। অসমৰ সম্ভ্রান্ত পৰিয়ালবৰ্গই অসমৰ স্বাধীনতা পুনৰ উদ্ধাৰৰ চেষ্টা তেতিয়ালৈকে এৰা নাছিল। সেই সময়ত অসমীয়াৰ অতীত আৰু বৰ্ত্তমানৰ অৱস্থা ভালকৈ বুজি পোৱা বিচক্ষণ বুদ্ধিমন্ত পুৰুষ আছিল মণিৰাম দত্ত দেৱান বাভাণ্ডাৰ বৰুৱা ? ১৮৫৩ চনত ঘনকান্ত যুৱৰাজৰ তরফে অসমৰ ৰাজ্যভা