সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাজিৰাচীৰ পৰা গণপৰিষদলৈ জেনক হত্যা কৰি অসমত পুৰণি আমোল স্থাপন আয়োজন কৰিছিল। তেওঁ সেই অর্থে প্রত্যেক চিপাহীক মাহে খোল টকাকৈ দৰমহা দিম বুলি প্রতিশ্রুতি দিছিল। ১৮২১ কি ১৮২২ চনত অসম ৰজাই নিজৰ সম্বন্ধীয়া ৰাৱতী আইদেউ নামে এগৰাকী গাভৰুক মানৰজা বাগ্যাদোৱালৈ উপহাৰ পঠিয়ায়, লগত যায় ধতুৱা গোহাঁই আৰু তেওঁৰ পুতেক গদাধৰ ৷ মানৰজাৰ ওপৰত এইগৰাকী কুঁৱৰীয়ে যথেষ্ট প্ৰভুত্ব বিস্তাৰ কৰে। ধতুৱা গোহাঁই মানদেশৰ এখণ্ড ৰাজ্যৰ শাসনকর্তা পদত অধিষ্ঠিত হয়। কুঁৱৰীৰ অনুৰোধ মতে মান- ৰজাই বৰ্ম্মাৰ সীমান্তত থকা কিছুমান পর্ববতীয়া জাতিৰ দ্বাৰা অসম আক্ৰমণৰ ব্যৱস্থা কৰালে । তাৰে অগ্ৰদূত হিচাবে ধৱা গোহায়ে শদিয়াৰ সীমান্তত খামটি বাপুৰ পোছাক পিন্ধি সকলো আলেখলেখ চাবলৈ ধৰিলে। কিন্তু ষড়যন্ত্ৰৰ কামত ভালকৈ আগবাঢ়িবলৈ নৌপাওঁতেই শদিয়াত থকা কোম্পানীৰ সৈন্যৰ চুবেদাৰ জেলিম চিঙ্গে গদাধৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰে । ওপৰোক্ত ঘটনাবলীৰ পৰা ইংৰাজে ভালকৈ বুজি পালে অসমীয়াসকল বিদেশীৰ শাসনও সহজে সৈমান হোৱাটো আশা কৰিব নোৱাৰি । গমি-পিত্তি ডেভিড স্কট চাহাবে ১৮২৯ চনৰ মাৰ্চ মাহত সকলো চাই গৱৰ্ণৰ-জেনেৰেললৈ লিখিলে, প্রজাবৃন্দ আমাৰ শাসনৰ প্ৰতি