বুৰঞ্জীৰ বাণী তেবে নৃপতিৰ মন আনন্দিত ভৈলা। উচৰ্গা কৰিবে দুয়ো ভাই চলি গৈলা॥ বিধিৱতে মঠক প্ৰতিষ্ঠা কৰাইলন্ত। যতেক দক্ষিণা দিল। নাহি আদি-অন্ত | মহাৰাজ নৰনাৰায়ণে উপলব্ধি কৰিছিল যে হিন্দু ভাৰতৰ প্ৰাণ আৰু আদৰ্শ সংস্কৃত গ্ৰন্থাৱলীতে সন্নিবিষ্ট হৈ আছে। যিসকলে সংস্কৃত জানিছিল তেওঁলোকে হিন্দুশাস্ত্ৰ আৰু সাহিত্যৰ সোৱাদ লব পাৰিছিল, কিন্তু সাধাৰণ মানুহে সেইবোৰ গ্ৰন্থত কি আছে তাৰ বিষয়ে কবলৈ গলে একো নাজানিছিল। মহাৰাজ নৰনাৰায়ণে আদেশ কৰিলে সেই- বেৰি গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিব লাগে, সেই অনুবাদ পঢ়ি সম্প্ৰতিকলৈ স্ত্ৰী আৰু শূদ্ৰই হিন্দুশাস্ত্ৰৰ আভাস পাব, আৰু কিছুকালৰ পাচত ব্ৰাহ্মণসকলেও তাক অধ্যয়ন কৰিব,— “গৌড় কামৰূপে ধত পণ্ডিত আছিলা। সমস্তক আনি সত্ৰ দেৱাল পাতিলা॥ বোলে বিপ্ৰ পণ্ডিত সমস্তে শুনিয়োক। কলিৰ যুগত বৃদ্ধি হৈব ভয়শোক। অল্প আয়ু অল্প বুদ্ধি হৈবেক নিশেষ। লোপ হৈব পূৰ্ব্ব শাস্ত্ৰ গ্ৰন্থাদি বিশেষ॥ শুনিয়ো পুৰুষোত্তম ভট্টাচাৰ্য দ্বিজ। কৰিয়োক ৰত্নমালা ব্যাকৰ্ণৰ বীজ॥
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২০
অৱয়ব