সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাতিবাচকীৰ পৰা পৰিলৈ বড়যন্ত্ৰৰ নেতা আছিল কানচন্দ্ৰ বৰফুকনৰ পুতেক পিয়ালি বা পোৱালী বৰফুকন, আৰু ফেদেলাৰ পুতেক আৰু থঞ্জয় জগা- বৰগোহাঁইৰ জোঁৱায়েক, জীউৰাম হুলীয়া বৰুৱা। এওঁলোকে ঠিক কৰিলে যে ১৮৩০ চনৰ ২৫ মাৰ্চ তাৰিমানে ৰংপুৰৰ চিপাহীৰ চাউনিত জুই দি চিপাহীক আক্ৰমণ কৰিব, আৰু তাৰ পাচত ৰাজ্য-দখলৰ যি ব্যৱস্থা হয় সকলো কৰিব। এই উদ্দেশ্যমতে যথাবিধি আয়োজন চলিবলৈ ধৰিলে। তেওঁলোকৰ কেন্দ্ৰস্থান হল মটক ৰাজ্যৰ অন্তৰ্গত তেঙ্গী- নামৰূপ নামে ঠাই। পিয়ালি বৰফুকনৰ উদগনিত মটকৰ বৰসেনাপতিৰ দ্বিতীয় পুতেকেও এই ষড়যন্ত্ৰত যোগ দিয়ে, আৰু বসেনাপতিৰ বিৰোধী দলৰ কিছুমান মানুহক লগলৈ আনে। বিদ্ৰোহত যোগ দিবৰ কাৰণে পিয়ালি বৰফুকন আৰু পিয়ালি বৰগোহাঁয়ে মোৱামৰীয়া, খামটি, নগা, গাৰো, খাছিয়া, জয়ন্তা, মণিপুৰ আৰু ডফলাৰ অধিপতিসকললৈকো চিঠি দিয়ে। তেনে এখন চিঠি শদিয়াখোৱা গোহায়ে পাই উজনি অসমৰ শাসনকৰ্তা নিউভিল বা নবীন চাহাবক সমৰ্পণ কৰে। চাহাবে ২৩ ফেব্ৰুৱাৰী তাৰিখে পত্ৰবাহক হৰনাথক শদিয়াত গ্ৰেপ্তাৰ কৰে। ৰংপুৰত থকা চিপাহীক হঠাতে আক্ৰমণ কৰিবৰ মনেৰে পিয়ালি বৰগোহায়ে দেওপূজা পাতি সসৈশ্যে যাত্ৰা কৰে। এওঁলোকৰ লগত পিয়ালি বৰফুকন যোৱা নাছিল। চিপাহীৰ চাউনি পুৰি ধ্বংস কৰা হল, কিন্তু চিপাহীক আক্ৰমণ কৰিব