হাদিবাচকীৰ পৰা গণপৰিষদলৈ - সারটি বহি থাকিব নেলাগে। যাতে বিদেশীৰ প্ৰভুৰ প্ৰচাৰ পাৰি তাৰ নিমিত্তেহে চেষ্টা কৰিব লাগে ।” মীলা আক্ৰমণৰ পাচত অসমৰ নামনি অংশ মোগলৰ তললৈ গ'ল, আৰু অসম ৰজাই মোগলক পেচকচ কৰু-ভাৰ দিব লগাত পৰিল। এই অৱস্থালৈ চাই জয়ধ্বজ সিংহ স্বৰ্গদেৱে কোচবেহাৰৰ ৰজা প্রাণনাৰায়ণলৈ লিখিছিল, – “কিন্তু সূৰ্য্যক ৰাহুৱে যদি আগ্ৰহণ কৰি থয় তথাপিতো হুৰ্য্যে কি পুনৰ প্ৰকাশ নকৰে ?” চক্ৰধ্বজসিংহ মহাৰাজেও প্ৰাণনাৰায়নলৈ লিখিছিল, – “ মোগলে আমাক এবাৰ পৰাভৱ কৰিছে, সেইবুলি তেওঁলোকৰ অধীনতা গুচাবলৈ আমি চেষ্টা নকৰিমনে ? তেওঁলোকে আমাক এবাৰহে ঘটাইছে কিন্তু আমি তেওঁলোকক যে ৰাৰেপতি ঘটাইছো সেই বিষয়ে আপুনি বিশেষকৈ জানে।” সম্প্রতিকলৈ নানা কাৰণত পৰাধীন হলেও সেই পৰাধীনতাৰ শিকলি দলিয়াই পেলাবলৈ যত্নবান হব লাগিব, এয়ে আছিল অসমীয়াৰ যুগে-যুগে ৰাজনৈতিক নীতি । এনে মনোবৃত্তিধাৰী অসমীয়াই যে বৃটিছৰ শাসনক দলিয়াই পেলাবলৈ অহোপুৰুষাৰ্থ কৰিব সি স্বাভাৱিক। অসমৰ লুপ্ত স্বাধীনতা পুনৰ উদ্ধাৰৰ পোনপ্রথম চেষ্টা কৰিছিল শেন গোহাঁইৰ পুতেক গমধৰ কোঁৱৰে । তেওঁৰ পূৰ্ব্বপুৰুষ আছিল চুচেংফা প্রতাপসিংহ স্বৰ্গদেৱৰ পুডেক মেৰু গোহাঁই। গমধৰ কোঁৱৰে নিজকে স্বৰ্গদেৱ বুলি ঘোষণা কৰিছিল, আৰু ৰাজ-সম্ভ্রম দেখুৱাবৰ নিমিত্তে কেকোৱা-ফোলা
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৯৭
অৱয়ব