হাদিৰাচকীৰ পৰা গণপৰিষদলৈ আজি শুকুৰবাৰ, ইংৰাজী ১৫ আগষ্ট ১৯৪৭ খৃষ্টাব্দ, ২৯ শাওন ১৮৬৯ শক। আজিৰ পৰা ভাৰতৰ স্বাধীনতাৰ সোণাময় যুগ আৰম্ভ হৈছে। তাৰ লগে-লগে ভাৰতৰ ছত্ৰৰ তলত ভাৰতৰ অবিচ্ছেদ্য অঙ্গহিচাবে অসমেও স্বাধীনতা লাভ কৰিছে। ইয়াৰ মূলত হৈছে ভাৰতীয়সকলৰ স্বাধীনতাৰ কাৰণে দুৰ্জ্জয় অভিলাষ, আৰু তাক কাৰ্য্যকৰী কৰি তোলাৰ অৰ্থে অক্লান্ত পৰিশ্ৰম, স্বাৰ্থত্যাগ আৰু অহিংস সংগ্রাম । সশস্ত্ৰ সংঘৰ্ষৰ সহায় নোলোৱাকৈ বিজিত জাতিয়ে বিজেতা জাতিৰপৰা স্বাধীনতা লাভ কৰাৰ এই দৃষ্টান্ত জগতৰ বুৰঞ্জীত অভিনৱ । সিদিনা আছিল ২১ জুন ১৮২২ খৃষ্টাব্দ, পূৱা পাঁচ ৰাজিবলৈ পাঁচমিনিট সময় মাত্র বাকী। মিঙ্গিমাহা বান্দুলাই উজনি অসম আৰু গুৱাহাটী অধিকাৰ কৰাত অসমৰ স্বৰ্গদেৱ চন্দ্ৰকান্তসিংহ মহাৰাজে সসৈন্যে আহি হাদিবাচকীত থান৷ পাতি থাকে। তাতে মান-সেনাপতি মিঙ্গিমাহা তিলোৱাই অসমীয়া সৈন্যক পুৱতি নিশা আক্ৰমণ কৰে। প্ৰায় তিনি- মিনিটমান সময় দুয়োদলৰে তুমুল সংগ্রাম হয়। ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা গোৱালপাৰালৈকে হিলৈৰ গুৰুম-গুৰুম্ শব্দ শুনা গৈছিল। কিছুপৰ লৈকা যাৰি থকাৰ পাচত পুনৰ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৯২
অৱয়ব