সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

गान- বডোয়াফা ৰজাৰ আগত সকলো কথা কৈ বৰ্ধনচন্দ্ৰই ৰজাৰ পৰা ৬০০ সৈন্য লৈ অসম প্ৰবেশ কৰে; এই সৈন্যৰ লগত ৮০০০ গিতিকাষৰীয়া জাতিৰ সৈন্যই লগ ধৰি অসমলৈ আছে। বৰফুকন চৰাইদেও পৰ্বত পাওঁ পাওঁ হওঁতে পূৰ্ণানন্দ বুঢ়া- গোহাঁই ডাঙ্গৰীয়াৰ মৃত্যু হয়, তাৰ দুদিনৰ পাচত মানসৈন্য লৈ বদন বৰফুকনে যোৰহাট নগৰত সোমায়। ১৮১৭ চনৰ ১৭ মেই তাৰিখে স্কট্ চাহাবে গবৰ্ণৰ-জেনেৰেললৈ লিখি পঠালে, “যিঞ্জন! বৰফুকনে কেইমাহমানৰ পূৰ্ব্বে অসম ৰজাৰ হৈ আমাৰ ওচৰত সৈন্য খুজি পৰ্যান্ত দিছিল, তেওঁ সম্প্ৰতি সসৈন্যে অসম সোমাইছেহি। শুনা গৈছে যে স্বৰ্গদেৱক সহায় কৰাৰ কাৰণে তেওঁ মানৰজাৰ কৰতলীয়া হবলৈ গাত লৈছে।” বদনচন্দ্ৰই মানদেশলৈ গৈ মানৰজাৰ পৰা স্যৈ আনি চন্দ্ৰকান্ত আৰু বডোয়াফা ৰজাক মিত্ৰতাসূত্ৰে ৰন্ধাৰ বিষয়ে অসমত থকা মানৰ সেনাপতি মিঙ্গিমাহা তিলোৱাই ১৮২১ চনৰ নবেম্বৰ মাহত স্কট্ চাহাবলৈ লিখিছিল,—- “আমাৰ মহাৰাজে ঊনপঞ্চাচখন দেশত ধৰ্ম্মৰ ৰাণী প্ৰচাৰ কৰিব লাগিছে। সকলো শ্ৰেণীৰ মানুহৰ প্ৰতি তেওঁ প্ৰেম আৰু দয়া দেখুৱায়, আৰু ব্যতিক্ৰম নোহোৱাকৈ সকলো জাতিলৈকে, এনেকি প্ৰত্যেকবিধ জন্তুৰ প্ৰতিও আমাৰ মহা- ৰাজাৰ সমতা অসীম। ভগবানৰ বাণী অৰয় কৰা কাৰ্য্যত আমাৰ মহাৰাজে অশেষ পৰিশ্ৰম স্বীকাৰ কৰে। এনেছেন মহাৰাজৰ চৰণৰ সোণোৱালী তলুৱাৰ কাষৰত থিয় হল