সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- বৰফুকন পৰশুৰাৰ বৰুৱাই লিখিছিল, – “গুৱাহাটীত ছ-জনা ফুন থাকে। তাৰে বৰজনা ফুকনে ৰজাৰ সকলো কাম-কাজ চল স্বৰ্গদেৱৰ বিনা অনুমতিৰে এইজনা বৰফুকনে উদয়চিং চুবোৰৰ পৰামৰ্শমতে গুৱাহাটীৰ পৰা গোপনে পলাই গৈ নিজ এলাকা এৰি কোম্পানীৰ ৰাজ্যত সোমাইছেগৈ। চাহাবক অনুৰোধ কৰোঁ যেন বৰফুকনৰ নিৰ্ভয় দি ইয়ালৈ পঠিয়াই দিয়ে। তেওঁৰ পূৰ্ব্বৰ শাসনভাৰ তেওঁক ওভোতাই দিয়া যাব; আৰু দোষী বুলি প্ৰমাণিত হলেও সম্পূৰ্ণ ক্ষমা দিয়া যাব। ” ৰংপুৰৰ পৰা গৈ বদনচন্দ্ৰ বৰফুকনে মুচিদাবাদ জিলাৰ অন্তৰ্গত মীৰপুৰ নামে গাৱঁত আশ্ৰয় লয়গৈ। এনেতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৰা সঙ্কেত পাই সিদ্ধিগিৰ গোসাঁই নামে জীয়াগ্ৰাম-নিবাসী এজন মাতব্বৰ মানুহে খুনী-ডকাইতৰ সাজ- পাব পিন্ধা পঁচিছটা বৰকান্দাজ পঠিয়াই সিহঁতৰ হতুৱাই এদিন নিশা বানচন্দ্ৰৰ ঘৰৰ পৰা বৰফুকনৰ অলঙ্কাৰ, আৰু অন্যান্য। মুল্যবান আৰু লাগতিয়াল বস্তু অপহৰণ কৰায়। বৰফুকনে হকবিধা কৰাত সিহঁতে ফলে যে হাকিম চাহাৰৰ আজ্ঞা অনুসৰি তেওঁ তুৰন্তে কালাপুৰলৈ যাব লাগে, ভেৰি কৰিলে তেওঁক বধ কৰিবলৈকো সিহঁত কুণ্ঠিত নহব। সিহঁতে বৰফুকন আৰু উচ্চয়চিহ্ণৰ হাতৰ পৰা তৰোৱাল কাঢ়ি নয়, আৰু দুখন পাঙ্কীত বৰফুকন, আৰু তেওঁৰ দুজন সক পুতেক, আৰু উদৰচিঙ্গক ভৰাই লৈ কালকাপুৰৰ ছাৰুিমৰ তালৈ মিওঁ ৰুলি ভগবানগোলালৈ লৈ যায়, আৰু সন্ধিৰ