>% যুৰঞ্জীৰ ৰাণী ইয়াৰ উপৰিও চিংফৌ আৰু ৰামটিয়ে মোৱামৰীয়াৰ লগ লাগি বৰ্ম্মাৰ পৰা সৈন্য খুজি আনিছিল। ধৰ্ম্মাসৈন্য দুবাৰ আহি অসম সোমাইছিল, কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁই ভাঙ্গ- ৰীয়াই উপায়-মন্ত্ৰণাৰে সিহঁতক অসমৰপৰা ওভোতাই পঠিয়াইছিল। চিংফৌক বৰাবৰ নিমিত্তে বুঢ়াগোঁহায়ে সিহঁতৰ নায়ক বিচানজক দুৱৰাৰ বৰম বৰুৱাৰ পেহীয়েক ৰঙ্গিনীক সালঙ্কতাকৈ বন্দীয়ে-বেটীয়ে উপহাৰ দিয়ে। বিচাশঙ্গে এই ৰঙ্গিলীকে অসম ৰজাৰ কুঁৱৰী বুলি বডোয়াফা ৰজালৈ দিলে। শ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ মতে মানৰ ৰাজধানীত মহাসমাৰোহেৰে অভ্যৰ্থনা পোৱা অসম - কুঁৱৰী গৰাকী এই ৰঙ্গিনী আইদেৱেই। বড়োয়াফা মানৰজাই অসমৰ বিষয়ে ভালকৈ জানিছিল, আৰু অসম অধিকাৰ কৰি কোম্পানীৰ ৰাজ্য আক্ৰমণ কৰাৰ অভিলাষ তেওঁ অন্তৰত পোষণ কৰিছিল। গতিকে, বদন- চন্দ্ৰই সৈন্য-ভিক্ষা কৰোতে মানৰজা অতি আনন্দেৰে মাস্তি হ'ল। বাঙ্গলী মেপায়াৰ অনুৰোধে৷ এই ক্ষেত্ৰত বিশেষ কাৰ্য্যকৰা হ'ল। ডেভিড স্কট চাহাবে এবাৰ কৈছিল, “যুদ্ধ-বিগ্ৰহাদি গুৰুত্বপূৰ্ণ কামতো কুঁৱৰীসকলৰ সনিয় অনুৰোধ মানৰজাৰ পক্ষে অৱজ্ঞা কৰাটো অসন্তৱ।” বানচন্দ্ৰৰ লগত পূৰ্ণানন্দ ৰুঢ়াগোহাঁইৰ বিৰোধ লগাৰ প্ৰকৃত ভিতৰুৱা কাৰণ কি তাৰু সঠিককৈ কোৱা টান। ব
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৮০
অৱয়ব