সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰহ ভাগ, থাক ৰংপুৰ আৰু বঙ্গৰ এক অংশ ক্ষমতাৰ অধীনত আছিল। খৃষ্টীয় পোন্ধৰ শতিকাৰ শেষ ভাগত নীলাখৰ ৰজাক গৌড়ৰ চুলতান হুচেন গাহে পৰান্ত কৰাৰ পাচৰেপৰা বহুদিনলৈকে কমতা ৰাজ্যত অৰাজকতা প্ৰৱৰ্তিত জয়, আৰু ঠায়ে ঠায়ে নতুন ৰজাৰ উদ্ভৱ হয়। তাৰ ভিতৰত সৰ্ব্বপ্ৰধান আছিল কোচবেহাৰৰ ৰজা বিশ্বসিংহ। এওঁ ক্ৰমান্বয়ে সৰু-ভূঞাসকলক উপায়-যন্ত্ৰণাৰে বশ কৰি ছত্ৰধাৰী নৃপতি হয়। বিশ্বসিংহৰ পুতেক নৰনাৰায়ণ ৰজাই ভায়েক সেনাপতি শুক্লধ্বজ কোঁৱৰক লগত লৈ দিগ্বিজয় যাত্ৰা কৰি অসম, কাছাৰ, মণিপুৰ, ত্ৰিপুৰা, জয়ন্তা, খৈৰাম, শ্ৰীহট্ট আদি ৰাজ্য কৰতলীয়া কৰে। নৰনাৰায়ণৰ ৰাজ্য বঙ্গোপসাগৰলৈকে বিস্তৃত আছিল। নিজৰ পৰাক্ৰমৰ সহায়েৰে নৰনাৰায়ণ ৰজাই অতীজৰ কামৰূপ-সাম্ৰাজ্যৰ সুবিস্তৃত ৰাজ্য-সমৃদ্ধিৰ পুনৰ অভ্যুদয় সম্পাদন কৰে। অসমীয়াৰ গৌৰৱৰ দুটা প্ৰধান বস্তু হৈছে, কামাখ্যাৰ মহামন্দিৰ, যাৰ কাৰণে অসম-কামৰূপৰ নাম ভাৰতৰ দিগ- দিগন্ত প্ৰচাৰিত হৈছে, যাৰ কাৰণে ধৰ্ম্মপ্ৰাণ যাত্ৰীসকল অসমৰ পুণ্যভূমি দৰ্শন কৰি ইয়াৰ শান্ত-স্নিগ্ধ-সৌন্দৰ্য্যত মুগ্ধ হৈছে; আৰু দ্বিতীয়, মহাপুৰুষ শঙ্কৰদেৱৰ যুগত ৰচিত গ্ৰন্থাৱলী, যাৰ কাৰণে অসমীয়া অশিক্ষিত মানুহৰ মাজতো কৰ্ম মোক্ষ আৰু কাব্যামৄতৰ ত্ৰিবেণীসঙ্গম হৈছে। এই দুই