- ফু ১৬ বৃটিছ প্ৰতিনিধি কেপ্তেইন হীৰাম কক্চ চাহাবে দেখিলে যে এতিয়া সৰ্ব্বনাশ! মানে অসম লব পাৰিলে কোম্পানীৰ - ৰাজ্যলৈকে৷ চোচা মেলিব! সেইদেখি তেওঁ মানজাক বুজাই দিলে যে, – “অসম বৃটিছৰ কৰতলীয়া, আৰু বৃটিছৰ আশ্ৰয়া- ধীন।” এনে বুলি কোৱাত বডোয়াফা ৰজাই মানস্যৈ ওভোতাই আনিলে। মানৰ সহায় প্ৰাৰ্থী কোঁৱৰঞ্জনাৰ নাম পাবলৈ নাই। তেওঁ নিজকে অসমৰ স্বৰ্গদেৱৰ ভায়েক বুলি বৰ্ণনা কৰিছিল, আৰু কমলেশ্বৰ সিংহতকৈ তেওঁৰ দাবি বেচি ন্যায়সঙ্গত বুলি কৈছিল। তেওঁ মানৰজাৰ কৰতলীয়া হবলৈ স্বীকাৰ কৰিছিল, আৰু বঙ্গজয়ৰ কাৰণে মানসৈন্যক সহায় কৰিবলৈকো গাত লৈছিল। আমাৰ বোধেৰে এওঁ বিজয় বৰমূৰা গোহাঁই, মণিপুৰৰ পৰা মানৰঞ্জাৰ কাষ চাপিছিলগৈ। ১৭৯৭ চনৰ জুন মাহত আৰু এজনা আহোম কোঁৱৰে বড়োয়াকা মানজালৈ নিজৰ কন্যা উপহাৰ দি সৈঘৰ সহায় বৰ্ম্মাৰ ৰাজধানী অমৰাপুৰত গাভৰুৰ অভ্যৰ্থনাৰ খোজে। কাৰণে বিপুল আয়োজন হয়। এই গৰাকী অসমীয়া জীয়াৰী গৈ বড়োয়াফাৰ অতি বেথাৰ পাত্ৰ হুয়গৈ; আৰু তেওঁৰ প্ৰভাৱৰ গুণত, ৰাজধানীত থকা “অসমীয়া পাৰ্টিৰ” অনুৰোধত ৰজাই নিজ উদ্দেশ্য সাধন কৰিবলৈ আৰু ইংৰাজৰ লগত বিৰোধিতা কৰিবলৈ সাজু হয়। কক্চ চাহাবৰ বুজনিত মাত্ৰ অসমলৈ সৈঙ্গ পঠোৱাৰ পৰা মানবজ! বিৰত হল।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৭৯
অৱয়ব