সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰে : স্বৰ্গদেৱৰ মাৰে অনেক বিকৰ্থনা কৰি তেওঁক কোৰেৰে কুৰি-কাটি মৰা হয়। শিল্পনও চেটিয়া বৰফুকন ধৰি গিয়াত প্ৰধান উভোক্তা আছিল বুঢ়াগোহাঁই-ফৈদীয়া জাতি ৰাজখোৱা। তেওঁকে এতিয়া গুৱাহুটীয়া বিষয়াসকলে বৰফুকন পাতিলে; কিন্তু এই পদত তেওঁ তিনিদিনহে থাকিবলৈ পালে। ইতিমধ্যে বঙ্গাচিলা দুৱৰাৰ ঘৰৰ হৰনাথ সেনাপতি ফুকনৰ পুতেক দ্বিপাই বঙ্গনচন্দ্ৰই হাজাৰাচিং বাঙ্গালক তিনি-কুৰি হেজাৰ ৰূপ দিম বুলি গাত ললে আৰু বঙ্গালৰ সহায়েৰে গুৱাহাটীত বৰফুকন পদত অধিষ্ঠিত হল। ধনৰ কাৰণে বঙ্গালে বৰকৈ ধৰাত বানচন্দ্ৰই উপায় নাপাই হাজো কামাখ্যা আছি দেৱালয়ৰ সোণ-ৰূপৰ পাত্ৰ-অলঙ্কাৰ আনি তাকে ভাঙ্গি বঙ্গালক দিবলগীয়া দায়ৰ পৰা মুক্ত হল। মাহচেৰেকৰ পাচত জোগানগিৰি বঙ্গালে আহি নিজে গুৱাহাটী অধিকাৰ কৰাত বামচন্দ্ৰ বৰফুকন হু হকি কাজলীত ৰ'লছি। এনে সময়ত, বঙ্গদেশৰ পৰা নিম্নম‍-উল্লা চুবোৰে সৈতে কিছু সৈক্স আনি গৌৰীনাথ সিংহৰ বিষয়াসকলে হাজাৰাচিং বঙ্গালক পৰাস্ত কৰি ১৭৯৫ চনৰ ৩• সেই তাৰিখে গুৱাহাটী উদ্ধাৰ কৰিলে। সেইদিনাৰ ৰণত হাজাৰাচিং নিহত হন, আৰু তাৰ ১০. অনুচৰ গুলি খাই বা ব্ৰহ্মপুত্ৰৰ পানীত পৰি ডুবি মৰিল। বাম কাজলীৰ পৰা গুৱাহাটীলৈ উভতি আছিল। সেই চনৰে আগষ্ট মাহত ৰামচন্দ্ৰৰ