সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- বৰফুকন স্বৰ্গদেৱক সিংহাসনত সুদৃঢ় কৰি বহুৱায়, আৰু দেশ- ৰাজ্য সুস্থিৰ কৰাৰ কাম হাতত লয়। ইতিমধ্যে, লর্ড কর্ণওৱাৰি ঠাইত চাৰু জন্‌ চ'ৰ গবৰ্ণৰ-জেনেৰেল পদত নিযুক্ত হয়। গাদিত বহিয়েই নতুনজনা পবর্ণন-জেনেৰেলে সিদ্ধান্ত কৰে যে পৰৰ ৰাজ্য অসমদেশৰ আভ্যন্তৰীণ জেঙ্গা-জঞ্জাল গুচোৱা কামত কোম্পানীৰ সৈন্য সৰহদিন লিপ্ত হৈ থকাটো সমীচীন নহব । এই সিদ্ধান্ত অনুসাৰে কোম্পানীৰ এলাকালৈ শীঘ্ৰে উলটি যাবৰ কাৰণে কেপ্তেইন ওৱে চক আদেশ দিয়া হয় । গবৰ্ণৰ-জেনেৰেল চাৰ জন্ চ’ৰৰ নিৰ্দ্ৰ্দেশমতে, অসমত শান্তি স্থাপনৰ কাম অর্দ্ধ-সম্পাদিত অৱস্থাত এৰি কেপ্তেইন ওচে চাহাবে ১৭৯৪ চনৰ জুন মাহত অসমৰ পৰা বঙ্গদেশলৈ সসৈন্যে উভতি যায়। কেইমাহমানৰ পাচত কামৰূপ অঞ্চলত বৰকান্দাজ দস্থাবোৰে পুনৰ উৎপীড়ন আৰম্ভ কৰে। সিহঁতৰ চৰ্দাৰ আছিল হাজাৰাচিং, জোগানগিৰি আদি । গুৱাহাটীৰ শাসনকৰ্ত্তা শিৱদত্ত চেটিয়া বৰফুকনে হাজাৰাচিঙ্গৰ সহায় লৈ তুংখুঙ্গীয়া বাপী গোহাঁইৰ তেৰ-বছৰীয়া পুতেকৰ ৰজা পাতে, এই কোঁৱৰজনে মাথোন সোতৰ দিনহে ৰজা হবলৈ পায়। চেটিয়া বৰফুকনক কোনো প্ৰকাৰে ধৰিব নোৱাৰি স্বৰ্গদেৱ গৌৰীনাথ সিংহৰ অনুগত বিষয়াসকলে হাজাৰাচিং বঙ্গালক সহঙ্গোৰ টকা দিম বুলি তাৰ হতুৱাই বৰফুকনক ধৰি বন্দী কৰি উজনীলৈ পঠিয়ায়। বৰফুকনে নিজৰ দোষ স্বীকাৰ