সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মান-অনা বদনচন্দ্ৰ বৰফুকন বছৰ- ১৭৮০ খৃষ্টাব্দত, লক্ষ্মীসিংহ স্বৰ্গদেৱৰ মৃত্যু হোৱাত পুতেক গৌৰীনাথসিংহ অসমৰ সিংহাসনত বহে। চেৰেকৰ পাচত, মোৱামৰীয়াই ৰংপুৰ আক্ৰমণ কৰাত স্বৰ্গদেৱে ৰাজধানী এৰি নামনিলৈ ভাগি আহি পোনতে গুৱাহাটীত, পাচে নগাৱঁত, আৰু তাৰ পাচত আকৌ গুৱাহাটীত বাহুৰ কৰি থাকে। স্বৰ্গদেৱৰ অনুপস্থিতিত পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰীয়াই যোৰহাটৰ কোঁঠৰ পৰা মোৱামৰীয়া আৰু অন্যান্য উপদ্ৰৱকাৰীক যথাসাধ্যভাবে ভেটা দি ৰাজ্য ৰক্ষা কৰি আছিল। ইতিমধ্যে, অসমত হোৱা অশান্তি আৰু বিপ্লৱৰ সুবিধা লৈ বঙ্গ আৰু বিহাৰ আদিৰ দস্যুশ্ৰেণীৰ মানুহ কিছুমানে জুমে জুমে অসমত সোমাই গাওঁ-জুঁই লুৰি দেশ লণ্ড-ভণ্ড কৰে; ইহঁতক সাধাৰণতে বৰকান্দাজ বোজা হৈছিল। গৌৰীনাথ সিংহ মহাৰাজে বৰকান্দাজৰ অত্যাচাৰ বিষয়ে টানি লিখাত ভাৰতৰ গৱৰ্ণৰ-জেনেৰেল লৰ্ড কৰ্ণওৱালিচ চাহাবে কেপ্তেইন ওৱেনক এফৌজ সৈন্য লগত দি অসমলৈ পঠিয়ায়। কামৰূপৰ পৰা বৰকান্দাজহঁতক খেদাই কেপ্তেইনে স্বৰ্গদেৱক লগত লৈ ৰাজধানী ৰংপুৰলৈ যাত্ৰা কৰে। তাত থকা মোৱামৰীয়াক পৰাস্ত কৰি কেপ্তেইনে