ৰৰ অসমত এভুমুকি ভিতৰত আজিৰ অসমীয়াৰ ভাগ্যচক্ৰ উঠা-নমা কৰিছিল। কামৰূপ ৰাজ্য ভাঙ্গি যোৱাৰ পাচত সঙ্ক-সক ৰাজ্যৰ সৃষ্টি হয়। অনুমান খৃষ্টীয় ত্ৰয়োদশ শতিকাত পশ্চিম কামৰূপত কমতা নামে এখন ক্ষমতাশালী ৰাজ্যৰ উদ্ভৱ হয়। কোচ- বেহাৰৰ চৈধ্যমাইল দক্ষিণত গোসানীমাৰি নামে ঠাইত কমতাপুৰৰ ভগ্নাৱশেষ আজিলৈকে দেখা পোৱা যায়। এই কমতাৰাজ্যৰ অধীশ্বৰ দুৰ্ল্ল ভনাৰায়ণ অসমীয়া কবি আৰু পণ্ডিতৰ পৃষ্ঠপোষক আছিল। কবিবৰ হেমসৰস্বতীয়ে ‘প্ৰহলাৰ চৰিত্ৰত' কৈছে,— “কমতা মণ্ডল দুৰ্ল্ল ভনাৰায়ণ নৃপবৰ অনুপাম। তাহান ৰাজ্যত ৰুত্ৰ সৰস্বতী দেৱযানী কন্যা নাম || তাহান তনয় হেম সৰস্বতী ধ্ৰুষৰ অনুজ ভাই। পদবন্ধে তেহোঁ প্ৰচাৰ কৰিল।' বামন পুৰাণ চাই॥ আকৌ ৰামচৰণ ঠাকুৰৰ শঙ্কৰচৰিত্ৰত পোৱা যায় যে মহাপুৰুষ শঙ্কৰদেৱৰ পূৰ্বপুৰুষ চণ্ডবৰৰ পাণ্ডিত্যৰ পৰিচয় পাই দুৰ্ল্লভনাৰায়ণ ৰজাই তেওঁক নানান বস্ত্ৰ অলঙ্কাৰ উপহাৰ দিছিল। এই কমতা ৰাজ্যৰ শেষ নৃপতি নীলাম্বৰৰ দিনত কাষৰপৰ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৭
অৱয়ব